নলবাৰী, 5 মাৰ্চ: 6 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ নলবাৰী জিলাৰ দুটা উল্লেখযোগ্য বিধানসভা সমষ্টি বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে বিষয়াসকল ই ভি এম লৈ ৰাওনা হৈছে ভোটকেন্দ্ৰ সমূহলৈ ৷
নিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা উল্লেখযোগ্য যে, বৰক্ষেত্ৰী সমষ্টিৰ 196726 গৰাকী ভোটাৰে সমষ্টিটোৰ 6 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 100986 আৰু মহিলা ভোটাৰ হ’ল 95740 গৰাকী আৰু সমষ্টিটোৰ 144 গৰাকী ডি ভোটাৰে 274 টা ভোট কেন্দ্ৰত ভোটদান কৰিব ।
নিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতানিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা আনহাতে, ৬১ নং ধৰ্মপুৰ সমষ্টিৰ 197 টা ভোটকেন্দ্ৰত 141592 গৰাকী ভোটাৰে 5 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ইয়াৰে পুৰুষ ভোটাৰ 73559 গৰাকীৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 68033 আৰু ডি ভোটাৰ হ’ল 56 গৰাকী ৷
উল্লেখযোগ্য যে, ধৰ্মপুৰ সমষ্টিটোত বৰ্তমান প্ৰতিনিধিত্ব কৰি আছে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ সোমবাৰে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টং ৰুমৰ পৰা বিষয়াসকলে ই ভি এম লৈ প্ৰতিটো কেন্দ্ৰলৈ ৰাওনা হৈছে ৷
লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন