নলবাৰী,1 নৱেম্বৰ: টিহুত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই বিজেপি নেতাই চলাইছে ব্যাপক গুণ্ডাগিৰি ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে বিজেপিৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ তথা জিলা বিজেপি সভাপতি পদৰ দাবীদাৰ পৰেশ কলিতাই ক্ষমতাৰ ৰাগিত মতলীয়া হৈ ভূমি বিবাদক লৈ চাৰিটা পৰিয়ালক হাতত দা -ডেগাৰ লৈ আক্ৰমণ কৰাৰ কথা ৷
টিহুত বিজেপি নেতাৰ গুণ্ডাগিৰী: হাতত দা-ডেগাৰ লৈ চাৰিটা পৰিয়ালক আক্ৰমণ - Tihu news
বিজেপিৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ তথা জিলা বিজেপি সভাপতি পদৰ দাবীদাৰ পৰেশ কলিতাৰ বিৰূদ্ধে গুৰুত্বৰ অভিযোগ ৷
ঘটনা অনুসৰি কলিতা ভাতৃদ্বয়ে নিৰেন কলিতা টিহু আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈ থকা কালচোৱাত নিজৰ ঘৰলৈ যোৱা ১৯০ মিটাৰ এটি পথ নিৰ্মাণৰ অনুমোদন কৰি ১৬০ মিটাৰ পথ কেইবাটাও পৰিয়ালৰ খেতি মাটিৰ মাজেৰে নিৰ্মাণ কৰিব বিচাৰিছিল । কিন্তু একমাত্ৰ নিজৰ ঘৰলৈ যোৱাৰ স্বাৰ্থত আনৰ মাটি অধিগ্ৰহণ কৰিব খোজাত ভুক্তভোগী পৰিয়াল কেইটাই ন্যায়ালয়ৰ কাষ চাপি ন্যায়ালয়ৰ সহায়ত পথটোৰ নিৰ্মাণ বন্ধ কৰি ৰাখে ৷
শুকুৰবাৰে বিজেপি নেতা নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ পৰেশ কলিতাই ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি পথটো পুনৰ মুকলি কৰিবলৈ যোৱাত পৰিয়াল কেইটাই বাধা প্ৰদান কৰে আৰু তাৰ পাছতে হাতত দা-ডেগাৰলৈ ভাতৃদ্বয়ে পৰিয়ালকেইটাক আক্ৰমণ কৰে ৷ উল্লেখযোগ্য যে, ঘটনাৰ পাছতে পৰিয়াল সমূহে টিহু আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও অভিযুক্ত শাসকীয় দলৰ নেতা হোৱাৰ বাবেই গুৰুত্ব দিয়া নাই আৰক্ষীয়ে ৷ বিজেপি নেতা দুজনৰ এই কাৰ্যৰ ফলত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ টিহু অঞ্চলত ৷ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে ৷