অসম

assam

ETV Bharat / city

Anti CAA Movement Martyrs: নলবাৰীত আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি - কা বিৰোধী আন্দোলন

কা আন্দোলনে অতিক্ৰম কৰিলে দুটা বছৰ ৷ এই আন্দোলনত 5 জন নিৰীহ যুৱকে অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছিল ৷ দেওবাৰে নলবাৰীত ছহিদকেইগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই নলবাৰী জিলা ছাত্ৰ সন্থাই ৷

Anti CAA Movement Martyrs
নলবাৰীত আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি

By

Published : Dec 12, 2021, 9:40 PM IST

নলবাৰী, 12 ডিচেম্বৰ :নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে কা আন্দোলন(Anti CAA movement in Assam)ৰ পাঁচগৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নৱ ডেকাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ছাত্ৰ নেতা আৰু সাংবাদিকে ৷

নলবাৰীত আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি

২০১৯ ৰ ডিচেম্বৰ মাহত অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হকে ৰাজপথলৈ বহু নেতা, শিল্পীৰ আহ্বানত ওলাই আহিছিল হাজাৰ হাজাৰ ৰাইজ । প্ৰশাসনৰ গুলিত প্ৰাণ হেৰুৱাছিল(Martyrs of Anti CAA Movement in Assam) ছয়গাঁৱৰ দীপাঞ্জল দাস, হাতীগাঁৱৰ চেম ষ্টেফৰ্ড, ডিব্ৰুগড়ৰ দ্বীজেন্দ্ৰ পাংগিং, ওদালগুৰিৰ ঈশ্বৰ নায়ক আৰু বৰপেটাৰ আব্দুল আলিমে ৷ ছহিদক শ্ৰদ্ধাজ্ঞলি জনাই ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা কয় যে, কা আমি মনা নাছিল আৰু কা আমি নামানো ৷

নলবাৰীত আছুৰ উদ্যোগত শ্ৰদ্ধাজ্ঞলি

ইফালে গুৱাহাটীত কা’ আন্দোলনকলৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰা একাংশ শিল্পীৰ বিৰুদ্ধে হাৰ্টথব জুবিন গাৰ্গে প্ৰদান কৰিলে মন্তব্য । কা’ আন্দোলনত অংশ গ্ৰহণ কৰা একাংশ শিল্পীয়ে পিছলৈ নিজৰ স্থিতি সলনি কৰাক লৈ পুনৰ বিশেষভাৱে সৰৱ হ’ল জুবিন গাৰ্গ(Zubeen Garg on anti CAA movement) । যি সকল শিল্পীয়ে নিজৰ স্থিতি সলনি কৰিছে তেওঁলোকক মেৰুদণ্ডহীন আখ্যা জুবিন গাৰ্গৰ ।

লগতে পঢ়ক :Anti CAA Movement Martyrs: পাঁচ ছহিদক শ্ৰদ্ধাঞ্জলি অখিল গগৈৰ

ABOUT THE AUTHOR

...view details