নলবাৰী, 23 জানুৱাৰী : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Mallabaruah criticize Debabrat Saikia) ৷ শনিবাৰে চহৰখনৰ মাজমজিয়াস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 15 খন বিচনাযুক্ত ICU কক্ষ মুকলি অনুষ্ঠানত উপস্থিত থাকি ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷
সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফোন টেপিঙৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি বুলি কটাক্ষ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ পূৰ্বৰ কংগ্ৰেছ নেতাগৰাকীয়ে বিসম্বাদৰ সময়ত দলটোৰ সকলোৰে ফোন টেপিং কৰা হৈছিল বুলি বিস্ফোৰক মন্তব্য কৰে ৷