অসম

assam

ETV Bharat / city

অখিল গগৈক গামোচা পিন্ধাব খোজে জয়ন্তমল্ল বৰুৱাই !

কংগ্ৰেছ দলক শক্তিহীন আৰু ধ্বংসমুখী আখ্যা দিলে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই (Jayanta Malla baruah criticizes congress)৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি কেইবাটাও নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা কংগ্ৰেছ দলটোৰ বৰ্তমান কোনো প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰে বিধায়কজনে ৷ বিজেপিৰ নীতি-আদৰ্শৰে পৰিচালিত হৈ দলটোত যোগদান কৰিব খুজিলে নীলমণি সেন ডেকাক আদৰি লোৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে (Jayanta Mallabaruah coments on Nilamani Sen Deka)৷

By

Published : May 20, 2022, 8:23 AM IST

Updated : May 20, 2022, 2:41 PM IST

Jayanta Mallabaruah criticizes congress
Jayanta Mallabaruah criticizes congress

নলবাৰী, 20 মে' :‘‘কংগ্ৰেছ নিজে নিজে ধংস হৈ যোৱা এটা দল । এতিয়া আৰু কংগ্ৰেছৰ কোনো শক্তি নাই । নীলমণি সেন ডেকাই যদি বিজেপিৰ নীতি-আদৰ্শ মানি লৈ বিজেপিলৈ আহিব খোজে, তেন্তে বিজেপি দলে আদৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰীগৰাকীক । কিন্তু বৰ্তমানলৈকে নীলমণি সেন ডেকাৰ ওচৰত তেনেকুৱা একো নীতি-আদৰ্শ দেখা নাই ৷’’ বৃহস্পতিবাৰে নলবাৰীত এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই (Jayanta Mallabaruah coments on Nilamani Sen Deka) ৷

অখিল গগৈক গামোচা পিন্ধাব খোজে জয়ন্ত মল্লবৰুৱাই !

কংগ্ৰেছ দলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে, ধ্বংসপ্ৰাপ্ত কংগ্ৰেছ দলৰ কথা আলোচনা কৰি বা সেই সন্দৰ্ভত মন্তব্য আগবঢ়াই একো লাভ নাই ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি (GMC election 2022) কেইবাটাও নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা কংগ্ৰেছ দলটোৰ বৰ্তমান কোনো প্ৰাসংগিকতা নাই ৷ যদি অনাগত সময়ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় তেতিয়া কংগ্ৰেছ সন্দৰ্ভত মন্তব্য কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে ৷

জয়ন্ত মল্লবৰুৱাই লগতে কয় যে, বৰ্তমান দলীয় অন্তঃকন্দলত জৰ্জৰিত গৈ আছে দলটো ৷ কংগ্ৰেছৰ ভিতৰৰ মানুহেই কংগ্ৰেছক সমালোচনা কৰি আহিছে বুলি উল্লেখ কৰি কংগ্ৰেছক শক্তিহীন আখ্যা দিয়ে বিধায়কগৰাকীয়ে (Jayanta Mallabaruah criticizes congress)৷

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা গৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে প্ৰত্যেকেই যাতে নিষ্ঠাৰে আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰে তাৰ বাবে তেওঁ আহ্বান জনায় ৷ সাংবাদিকে নিযুক্তি প্ৰক্ৰিয়াক লৈ অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিধায়কজনে কয় যে, শাসনৰ গাদীত নথকা মানুহৰ বাবে এনে ধৰণৰ সমালোচনা কৰাতো তেনেই সাধাৰণ কথা ৷ কেৱল টিভি চাই সমালোচনা কৰা সকলে শাসন ব্যৱস্থা কিদৰে চলিছে তাৰ বিষয়ে জ্ঞাত নহয় ৷ সেয়ে চৰকাৰক সমালোচনা কৰাতো তেওঁলোকৰ ধৰ্ম হৈ পৰে ৷

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি একলাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুিতি আখৰে আখৰে পালন কৰা হ’ব বুলি উল্লেখ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে, ডিচেম্বৰত নিযুক্তি পত্ৰ প্ৰদান কৰা সভালৈ অখিল গগৈকো মাতি এখন গামোচা পিন্ধাই দিয়া হ’ব ৷ যাতে ৰাইজৰ আগত অখিল গগৈয়ে ক’ব পাৰে চৰকাৰে নিযুক্তি দিছে বুলি ৷

ইফালে সাংবাদিকৰ বোকোচাত উঠি বান পৰিদৰ্শন (Assam MLA takes piggy back ride to inspect flood situation) কৰিবলৈ গৈ চৰ্চিত হৈ পৰা লামডিং সমষ্টিৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ সন্দৰ্ভত কৌশলী মন্তব্য প্ৰদান কৰে জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ কয় যে, কি পৰিস্থিতিত এনে হৈছে সেই সন্দৰ্ভত একো নজনাকৈ তেওঁ মন্তব্য নকৰে ৷ অৱশ্যে জনতাৰ অন্তৰত আঘাত হানিব পৰা কোনো কাম জনপ্ৰতিনিধিয়ে কৰা উচিত নহয় বুলি মন্তব্য কৰে বিধায়ক বৰুৱাই (Jayanta Mallabaruah on MLA Shibu Mishra)৷

আনহাতে, নলবাৰী চহৰক বান মুক্ত কৰিবলৈ (Flood free Nalbari) চাৰি বছৰৰ সময়ৰ পৰিকল্পনাৰে কাম কৰিব বুলি আশ্বাস দিয়ে বিধায়কগৰাকীয়ে । প্ৰথম অৱস্থাত ৬ টা পথৰ নলা-নৰ্দমাৰ কাম আৰম্ভ কৰি অহা তিনি চাৰিবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব বুলি মন্তব্য কৰে বিধায়ক জয়ন্তমল্ল বৰুৱাই । নলাৰ ওপৰত যিসকলে দোকান পাতিছে অথবা বেদখল কৰি ৰাখিছে সেইসমুহ উচ্ছেদ কৰাৰো আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক :পি এম ৱাই’ৰ ঘৰ লাভ কৰিবলগীয়া সকলৰ তালিকাত শাসক দলৰ আত্মীয় !

Last Updated : May 20, 2022, 2:41 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details