অসম

assam

By

Published : Jun 18, 2022, 1:44 PM IST

ETV Bharat / city

বৰক্ষেত্ৰীত মাজনিশা বান পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে

নলবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক দিগন্ত বৰ্মনৰ(MLA Diganta Barman visited flood affected area of Nalbari) ৷ অতি সোনকালে পশুধনৰ খাদ্যৰ লগতে ৰাইজক সামৰ্থ অনুযায়ী সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে । ইয়াৰ লগতে লাট মণ্ডল আৰু গাঁওবুঢ়াক মানুহৰ ক্ষয়-ক্ষতিৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়ে ।

mla-diganta-barman-visited-flood-affected-area-of-nalbari
নলবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক দিগন্ত বৰ্মনৰ

নলবাৰী, ১৮ জুন :সমগ্ৰ ৰাজ্যজুৰি এতিয়া বানে ধাৰণ কৰিছে বিধ্বংসী ৰূপ(Flood situation in assam) ৷ বন্যাৰ্ত মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ নলবাৰী জিলাতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে শুকুৰবাৰে নিশা জিলাখনৰ বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে(Flood situation in Nalbari) ৷

বিধায়কগৰাকীয়ে বৰক্ষেত্ৰীৰ সমষ্টিৰ বৰভাগৰ লগতে আদাবাৰী, কুৰিহা, গলদীঘলা, চুঙৰবড়ীকে ধৰি ভালেকেইটা অঞ্চলৰ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৷ সমষ্টিটোত প্ৰৱল বানৰ ফলত অঞ্চলটোৰ ৰাইজে নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় ল’ব লগা হৈছে । বিধায়ক দিগন্ত বৰ্মনে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ লগত কথা পাতি লাট মণ্ডল আৰু গাঁওবুঢ়াক মানুহৰ ক্ষয়-ক্ষতিৰ হিচাপ লোৱাৰ নিৰ্দেশ দিয়ে ।

তেওঁ লগতে অতি সোনকালে পশুধনৰ খাদ্যৰ লগতে ৰাইজক সামৰ্থ অনুযায়ী সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে । বিধায়কগৰাকীৰ এই পৰিদৰ্শন কালত লগত উপস্থিত থাকে লোহাৰকাঠা -আদাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছিদ্দিকুল হক (ৰাজু), পঞ্চায়তৰ সদস্য তৌফিক আলী ৷

লগতে পঢ়ক :বানৰ বিভীষিকাৰ মাজতে স্বাস্থ্য কৰ্মীৰ হৰ-ঘৰ-দস্তক অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details