অসম

assam

By

Published : Jun 16, 2020, 10:21 PM IST

ETV Bharat / city

নলবাৰীত বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযান

নলবাৰীতো মঙলবাৰে ভাৰতীয় জনতা দলৰ জনসম্পৰ্ক ৰক্ষা অভিযান অনুষ্ঠানত উপস্থিত থাকে নলবাৰীৰ বিধায়ক অশোক শৰ্মা ৷ বিগত বৰ্ষত বিজেপি চৰকাৰ খনৰ কামৰ খতিয়ান দাঙি ধৰে বিধায়ক গৰাকীয়ে ৷

MLA ASHOK SHARMA ATTENDED AT NALBARI
নলবাৰীত জনসম্পৰ্ক ৰক্ষা অনুষ্ঠানত উপস্থিত বিধায়ক অশোক শৰ্মা

নলবাৰী, 16 জুনঃ নলবাৰীতো ভাৰতীয় জনতা দলৰ জনসম্পৰ্ক ৰক্ষা অভিযান আৰম্ভ কৰে‌। এই কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই ৷

নলবাৰীত জনসম্পৰ্ক ৰক্ষা অনুষ্ঠানত উপস্থিত বিধায়ক অশোক শৰ্মা

কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপুৰ্তি আৰু অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপুৰ্তি উপলক্ষে ৰাজ্যজুৰি জনসম্পৰ্ক ৰক্ষা অভিযান আৰম্ভ কৰে ৷ ঠিক একেদৰে নলবাৰীতো আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে কেইবাগৰাকীও বিজেপি কৰ্মী উপস্থিত হৈ নলবাৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে ৷ তাৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্বলিত এখন প্ৰত্ৰিকা প্ৰদান কৰে। নলবাৰী সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা,বিশিষ্ট সাহিত্যিক শিক্ষাবিদ যজ্ঞেশ্বৰ বুজৰবৰুবাৰ ঘৰতো উপস্থিত হয় বিধায়কগৰাকী ৷ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি চৰকাৰৰ খতিয়ান দাঙি ধৰে বিজেপিৰ দলীয় সদস্যসকলে । লগতে নলবাৰী সাহিত্য সভাৰ সভাপতি ধ্ৰৱজ্যোতি শৰ্মাই চৰকাৰ খনৰ কামৰ খতিয়ানৰ লগতে বহিঃৰাজ্যৰ পৰা ওভতি অহা শ্ৰমিকসকলৰ কথা চৰকাৰে চিন্তা কৰাৰ লগতে বিভিন্ন আঁচনি মুকলি কৰি দিছে বুলি সদৰি কৰে ৷

লগতে পঢ়ক- বাঘজান অগ্নিকাণ্ডৰ বাবে আওপকীয়াকৈ ONGCক দোষাৰোপ কামাখ্যা প্ৰসাদ তাছাৰ

ABOUT THE AUTHOR

...view details