নলবাৰী, 12 জুলাই: শেহতীয়া বানে ৰাজ্যৰ আন প্ৰান্তৰ লগতে তচনচ কৰি গ’ল নলবাৰী জিলাৰো বহু অঞ্চল (Flood in Nalbari) ৷ লাহে লাহে পানী শুকাইছে যদিও অসহায়ভাৱে আশ্ৰয় শিৱিৰতেই দিন কটাবলগীয়া হৈছে নলবাৰীৰ বহু বন্যাৰ্তই (Post flood problems)৷ বানৰ কৱলত পৰি এতিয়া গৃহহীন হৈ পৰিছে এইসকল লোক ৷ কাৰোবাৰ ঘৰ যদি বানত উটি গৈছে, আন কাৰোবাৰ আকৌ ঘৰৰ মজিয়া-চোতাল আদি পোত গৈছে বালি আৰু পলসেৰে ৷
বাঢ়নী পানী শুকাল যদিও বিভীষিকাই এতিয়াও লগ এৰা নাই নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বন্যাৰ্তক (Flood damages in Nalbari) ৷ নলবাৰীৰ আমনিত এমাহ ধৰি আশ্ৰয় শিবিৰতেই থাকিব লগা হৈছে বন্যাৰ্ত । বানে সকলো তচনচ কৰি থৈ যোৱা পিছত এতিয়া দেখা দিছে আন এক সমস্যাই । ঘৰলৈ উভতি গৈ মুৰে-কপালে হাত দিয়াৰ বাহিৰে যেন একো উপায় নোহোৱা হৈছে বন্যাৰ্তৰ । বুঢ়াদিয়া নদীৰ মথাউৰি ছিগাৰ ফলত আমনি অঞ্চলত বানে সৃষ্টি কৰিছিল বিভীষিকাৰ ৷ বহু লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে ছিঙি নিছিল বাট-পথ ৷