নলবাৰী,4 আগষ্ট:এক উদ্বেগজনক খবৰে কঁপাই তুলিছে নলবাৰী জিলাৰ মুকালমুৱা অঞ্চল ৷ শেহতীয়াকৈ ক’ভিডৰ সমান্তৰালকৈ জিলাখনত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে HIV ৷ মুকালমুৱাত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে এইডছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ৷ সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে পোহৰলৈ আহিছে এই তথ্য ।
অঞ্চলটোৰ 6জনকৈ ড্ৰাগছ আসক্ত যুৱকৰ শৰীৰত পোৱা গৈছে HIV পজিটিভ । জানিব পৰা মতে, আটাইকেইজন যুৱক গোপনভাৱে চিকিৎসাধীন হৈ আছে । শেহতীয়াকৈ আন এজন ড্ৰাগছ আসক্ত যুৱকো এইডছ আই ভি পজিটিভ আক্ৰান্ত বুলি জানিব দিছে মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়াই ।
লগতে পঢ়ক:চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী