কোকৰাঝাৰ, ২৪ আগষ্ট: বিটিআৰৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ ৷ ৰাজ্য চৰকাৰৰ লেখীয়াকৈ বিটিআৰতো খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব(Recruitment process In BTR) ৷ বুধবাৰে বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত পৰিষদৰ ৰাজনৈতিক উপদেষ্টা তথা পাৰিষদ মাধৱ ছেত্ৰীয়ে এই বিষয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত পাৰিষদ গৰাকীয়ে ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰ বিটিআৰত অনুষ্ঠিত কৰাক লৈ সাধাৰণ ৰাইজৰ মাজত বিৰোধীয়ে অপপ্ৰচাৰ চলাই থকা বুলি মন্তব্য কৰি বিৰোধী পক্ষৰ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
সংবাদমেলখনত ছেত্ৰীয়ে সদৰি কৰা অনুসৰি বিটিচি চুক্তি মৰ্মে বিটিআৰ এলেকাৰ তৃতীয়- চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ ক্ষমতা বিটিআৰ পৰিষদৰে আছে(BTC agreement) ৷ আগতেও আছিল এতিয়াও আছে ৷ কিন্তু ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ লিখিত সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ লগে লগে ইয়াকে লৈ বিৰোধী পক্ষই বিটিআৰৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ ক্ষমতা কৰ্তন কৰা হৈছে বুলি বিভিন্ন অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ এয়া সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰি বিটিআৰ পৰিষদৰ ৪০ টা বিভাগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ খালী হৈ থকা সাক্ষাৎকাৰ বিটিআৰে পাতিব বুলি উল্লেখ কৰি অপপ্ৰচাৰত ভোল নাযাবলৈ চাকৰি প্ৰত্যাশী সকললৈ আহ্বান জনায় ৷
ইফালে সংবাদমেলখনত উপস্থিত থকা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নীলুৎ স্বৰ্গীয়াৰীয়ে কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় তিনি সহস্ৰাধিক পদত পৰ্যায়ক্ৰমে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে(More than 3,000 vacancies গল BTR) ৷