নলবাৰী, 19 জুন:অপৰিৱৰ্তিত হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ বিগত কেবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্প্ৰতি বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ( Flood in Assam) ধাৰণ কৰিছে ৷ উজনিৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও এতিয়া পানীৰ তলত (Flood report in Assam)৷ সামন্তৰালভাৱে নলবাৰীত অব্যাহত আছে বানৰ তাণ্ডৱ (Flood in Nalbari) ।
বানৰ ফলত নামনি অসমৰ যাতায়ত সেৱাৰ অন্যতম ব্যস্ত পথ হাজো-দৌলাশাল-বৰপেটা পথত এতিয়া একঁকাল পানী (Flood washes out road connecting Hajo-Doulashal-Barpeta) ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ সীমামূৰীয়া অঞ্চল আদাবাৰীৰ পূৱ প্ৰান্তৰ গুৱাহাটী-বৰপেটা সংযোগী পথটোৰ ওপৰৰে তীব্ৰ গতিৰে বাগৰিছে পানী ।
পিছে এইপৰ্যন্ত মুকালমুৱা আৰক্ষী প্ৰশাসনে পথটো বন্ধ কৰি দিয়া নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ ৰাইজে শীঘ্ৰেই পথটো বন্ধ কৰি নাৱেৰে যাত্ৰী সকলক উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে (Critical flood situation at Mukalmua) ৷ ইফালে নলবাৰী হাজোৰ সীমান্তৱৰ্তী বৰভাগৰ ৰাইটকুছি দোকোহাৰে অঞ্চলত বানে উটুৱাই লৈ গ’ল পাগলাদিয়াৰ মথাউৰি ৷