অসম

assam

By

Published : Apr 5, 2021, 3:42 PM IST

ETV Bharat / city

বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চললৈ ৰাওনা প’লিং বিষয়া

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ই ভিএম লৈ নাওঁৰে চৰাঞ্চললৈ যাত্ৰা নিৰ্বাচনী বিষয়া সকলৰ । নলবাৰী জিলাৰ মুকালমুৱাৰ কাপলাবড়ী পাৰঘাট ইভিএম সহ দেখা গ’ল প’লিং বিষয়াসকলক ৷

বৰক্ষেত্ৰীৰ চৰলৈ ৰাওনা পুলিং বিষয়া
বৰক্ষেত্ৰীৰ চৰলৈ ৰাওনা পুলিং বিষয়া

নলবাৰী, 5 এপ্ৰিল: মঙলবাৰে ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নলবাৰী জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ 63 টা ভোট কেন্দ্ৰৰ বাবে প’লিং বিষয়া তথা প্ৰশাসনৰ বিষয়ববীয়া সকল মুকালমুৱাৰ কাপলাবড়ী পাৰঘাটৰ পৰা চৰাঞ্চললৈ ৰাওনা হৈছে ।

বৰক্ষেত্ৰীৰ চৰলৈ ৰাওনা প’লিং বিষয়া

নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ পৰা বিষয়া সকলে দুদিন পূৰ্বে মুকালমুৱা মহকুমাত উপস্থিত হৈ সোমবাৰে চৰাঞ্চলৰ ভিন্ন প্ৰান্তলৈ হাতে হাতে ইভি এম মেচিনলৈ ব্ৰহ্মপুত্ৰৰ জল পথেৰে ৰাওনা হৈছে ।

বৰক্ষেত্ৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল 1,96,726 গৰাকী আৰু ভোট কেন্দ্ৰ হ’ল 243 টা । ইয়াৰে 63 টা ভোট কেন্দ্ৰ চৰাঞ্চলত । উল্লেখ্য যে, বৰক্ষেত্ৰী সমষ্টিত মুঠ ৬ গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত ।

লগতে পঢ়ক:ভোটগ্ৰহণৰ বাবে বজালী জিলা প্ৰশাসন সাজু

ABOUT THE AUTHOR

...view details