নলবাৰী,25 অক্টোবৰঃশনিবাৰে সম্পন্ন হ'ল মহা অষ্টমী পূজা । পিছে পূৰ্বৰ দৰে এইবাৰ নাই উৎসাহ উদ্দীপনা । Covid 19 ৰ বাবে এইবেলি দূৰ্গা পূজাত নাই জাকজমকতা । নাই কোনো বানিজ্য মেলা । তাৰ মাজতে কোভিড প্ৰট'কল মানি চলি উদযাপন কৰিলে দূৰ্গা পূজা । সকলো ভক্তই সমগ্ৰ পৃথিৱীতে অপাই অমংগল তথা শান্তি কামনাৰে দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।
ইফালে কৰ'ণা মহামাৰীৰ বাবে এইবেলি ইতিহাস প্ৰসিদ্ধ ১০১ সংখ্যক সাহপুৰ ৰাজঘাট শ্ৰী শ্ৰী দূৰ্গা পূজা মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান তথা মনোৰঞ্জন ধৰ্মী অনুষ্ঠান আদি সকলো বাতিল কৰিছে । প্ৰতিবছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ সমাহাৰ ঘটা এইখন পূজাত এইবাৰ নাই থিয়েটাৰ । উল্লেখ্য যে, প্ৰতি বছৰে অসমৰ আগশাৰীৰ ৭/৮ খন ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰে সাহপুৰ ৰাজঘাট শ্ৰী শ্ৰী দূৰ্গা পূজাত ।