নলবাৰী, 1 আগষ্ট:গুৱাহাটীত অনুষ্ঠিত Vovinam চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে দীপামণি কলিতা (Vovinam Martial Art Championship) । মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক Vovinam চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক আনিবলৈ সক্ষম হয় নলবাৰীৰ বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতাই ।
Vovinam এছ'ছিয়েচন অৱ ইণ্ডিয়া আৰু এছিয়ান Vovinam ফেডাৰেচনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত ৩০ জুলাইত অনুষ্ঠিত হৈ যায় চতুৰ্থ বাৰ্ষিক Vovinam চেম্পিয়নশ্বিপ-২০২২ (Vovinam martial art championship held at Guwahati) ৷ প্ৰতিযোগিতাখনত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় দীপামণি কলিতাই । প্ৰতিযোগিতাখনত দীপামণিয়ে প্ৰতিনিধিত্ব কৰিছিল গোলাঘাট জিলাক ।