নলবাৰী, 16 জানুৱাৰী :ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ’ল ভোগালী বিহু (Magh Bihu Celebration) ৷ লগতে পহিলা মাঘৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, দেৱালয় আদিত পৰিলক্ষিত হ'ল ভক্তৰ লানি নিচিগা শাৰী । সেই উপলক্ষে টিহুৰ ষাঠিকুছিৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ (Devotees throng places of worship on 1st Magh) ৷ নেদেখাজনৰ ওচৰত আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা জয় হৰি পিতাৰ থানত আগমন ঘটিছে ভক্তৰ ।
বছৰটোৱে যাতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰেই কামনাৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰ ভাগৰ পৰাই থানখনত ভিৰ কৰা পৰিলক্ষিত হয় (Devotees throng Sri Sri Jaihari Pitar Than) । এইবাৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত ক'ভিড নীতি-নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে 29 সংখ্যক ধৰ্মীয় মহোৎসৱ ৷ এই মহোৎসৱ উপলক্ষে শনিবাৰে ৰাতিপুৱা ভাগৱত প্ৰদিক্ষণ আৰু আসন স্থাপন কৰা হয় ৷