নলবাৰী, ২ জুলাই:মণিপুৰৰ নোনি জিলাৰ টুপুলত বুধবাৰে নিশা সংঘটিত ভয়াৱহ ভূমিস্খলনৰ পাছৰে পৰা সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এজন শ্ৰমিক ৷ সন্ধানহীন শ্ৰমিকজন ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোলৰ ৰাজু আলী(৩৩) বুলি জানিব পৰা হৈছে(Construction worker of railway lines in Manipur) । বুধবাৰৰ নিশা ১০ বজাত পৰিয়াল আৰু আত্মীয়ৰ সৈতে শেষবাৰলৈ ফোনত যোগাযোগ হৈছিল ৰাজুৰ ৷ ইয়াৰ পিছৰে পৰা আজিপৰ্যন্ত তেওঁৰ ম'বাইল ফোন বন্ধ হৈ থকাত পৰিয়াল তথা ৰাইজে ৰাজু আলীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, বৰাজোল গাঁৱৰ প্ৰয়াত হামিদ আলীৰ একমাত্ৰ পুত্ৰ ৰাজু আলীয়ে ভি এচ চি নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী মুহিত লাল দাসৰ অধীনত শ্ৰমিক হিচাপে কাম কৰাৰ উদ্দেশ্যৰে কুৰিদিন পূৰ্বে মণিপুৰলৈ গৈছিল । উক্ত কোম্পানীটোৱে নোনি জিলাৰ টুপুলত ৰেলপথ নিৰ্মাণত জড়িত হৈ আছিল(Construction of train station in Manipur) । ইয়াৰ অংশস্বৰূপে ৰেল লাইন স্থাপনৰ সা-সামগ্ৰী ৰক্ষা আৰু শ্ৰমিকসকলক থকাৰ সুবিধা কৰি দিয়াৰ উদ্দেশে ভি এচ চি কোম্পানীয়ে এটা বৃহৎ শিবিৰ স্থাপন কৰিছিল ।