নলবাৰী, 10 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ এই আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নলবাৰীত কংগ্ৰেছৰ দলীয় কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰৰ এটা পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলৰ সৈতে কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰ্ণা দিয়া পৰিলক্ষিত হয় ৷ কৰ'ণা সৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে যি ধৰণে ৰাইজক সহায় কৰিব লাগিছিল, তেনেধৰণে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷