অসম

assam

ETV Bharat / city

কৃষক বিৰোধী আইন বাতিলৰ দাবীত ধৰ্মপুৰত কংগ্ৰেছৰ প্ৰতিবাদ - কৃষক বিৰোধী আইন

কৃষক বিৰোধী আইন বাতিলৰ দাবীত ধৰ্মপুৰত ব্লক কংগ্ৰেছৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

কৃষক বিৰোধী আইন বাতিলৰ দাবীত ধৰ্মপুৰত কংগ্ৰেছৰ প্ৰতিবাদ
কৃষক বিৰোধী আইন বাতিলৰ দাবীত ধৰ্মপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 10, 2020, 3:40 PM IST

নলবাৰী,10অক্টোবৰ :কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত শনিবাৰে ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰে৷ উক্ত প্ৰতিবাদী কাৰ্যসুচীত উপস্থিত থাকে নলবাৰী জিলা ইয়ং ব্ৰিগেদৰ আই টি চেলৰ সভাপতি ডা° নীলকমল ভুঞাৰ লগতে ধৰ্মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰ । আৰু কাৰ্যসুচীত অংশ লৈ নীলকমল ভুঞাই কয় যে বিজেপি চৰকাৰৰ এই কৃষক বিৰোধী আইন কংগ্ৰেছে কেতিয়াও মানি নলয়৷ কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে সৰব প্ৰতিবাদ কৰি যাব৷ তাৰোপৰি অসমত বিজেপি চৰকাৰে আগন্তুক দিনত চৰকাৰ কৰাৰ বিপৰীতে কংগ্ৰেছ দলেহে অসমত চৰকাৰ গঠন কৰিব ৷

ABOUT THE AUTHOR

...view details