অসম

assam

ETV Bharat / city

CM on Review Meeting : অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগমক পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ - অধ্যক্ষ পদ অলংকৃত কৰিব অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি(CM on Review meeting on Loka Nirman Development at Janata_Bhawan) অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (Assam State Infrastructure Development Corporation Limited)ৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে ৷

cm-himanta-biswa-sarma-held-a-review-meeting-on-loka-nirman-departments-at-janata-bhawan
অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগমক পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ

By

Published : Dec 4, 2021, 10:42 PM IST

গুৱাহাটী, 4 ডিচেম্বৰ :লোকনিৰ্মাণ (পথ) বিভাগৰ কাম-কাজৰ বিশ্লেষণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে জনতা ভৱনত অনুষ্ঠিত হোৱা এখন এক বৈঠকত মিলিত হয়(CM Himanta Biswa Sarma held a review meeting on Loka Nirman departments at Janata Bhawan) ৷ বৈঠকত অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (Assam State Infrastructure Development Corporation Limited)ৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে ৷

এই অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে নিৰ্দশ দিয়ে । জানিব পৰা মতে পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানটোত অধ্যক্ষ পদ অলংকৃত কৰিব অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে এই বৈঠকতে মুখ্যমন্ত্ৰী গৰাকীয়ে উন্নত পথ যোগাযোগ ব্যৱস্থাৰে ৰাজ্যৰ বিভিন্ন স্থান সংযুক্ত কৰি যাতায়াতৰ সময় হ্ৰাস কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে ।

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগমক পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ

উল্লেখ্য যে লোকনির্মাণ বিভাগৰ নির্মাণ ব্যৱস্থাপনাৰ সামর্থ বৃদ্ধিৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড নামৰ এই প্ৰতিষ্ঠানটো 2016 চনত গঠন কৰা হৈছিল।শেহতীয়াকৈ লোকনির্মাণ বিভাগে ৰাজ্যজুৰি পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰ থকাৰ পৰিপ্ৰেক্ষিতত বিভাগটোত এই আঁচনিসমূহৰ সুচল ব্যৱস্থাপনাৰ অৰ্থে অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ হাতত হৈছে ।

উক্ত বৈঠকত লোকনির্মাণ বিভাগৰ নির্মাণ ব্যৱস্থাপনাৰ আধাৰতে ধুবুৰীৰ পৰা চিলাপথাৰলৈ 416 কিলোমিটাৰ দৈৰ্ঘৰ গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক কৰিড'ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দশ দিয়ে ।

জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনির্মাণ বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাকেশ কেমপ্ৰাই আৰু বিশেষ সচিব বিভূতি শইকীয়াও উপস্থিত থাকে।

লগতে পঢ়ক :Amit Shah to Visit Jaisalmer: BSFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details