নলবাৰী, ৮ জুলাই :নলবাৰী জিলাৰ লাউতোলাত শুকুৰবাৰে স্বেচ্ছাসেৱী সংগঠন শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে স্বামীহাৰা তথা অভিভাৱকহীন মহিলা আৰু শিশুৰ মাজত বস্ত্ৰ বিতৰণ কৰে । শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে সময়ে সময়ে বিভিন্ন সমাজ কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ বিগত বানৰ সময়চোৱাতো সংস্থাটোৱে দুৰ্গতজনক সাহায্য আগবঢ়াইছিল ।
শান্তিপ্ৰিয়া ডেভেলপমেন্ট ছ’চাইটিয়ে(Shantipriya Development Society) এইবাৰ ঈদ উপলক্ষে স্বামীহাৰা বিধবা মহিলাসকলক শাৰী আৰু অভিভাৱকহীন কণ কণ ল’ৰা ছোৱালীৰ মাজত চাৰ্ট বিতৰণ কৰে । এই ছ’চাইটিখন ২০২১-২২ চনত পজ্ঞীয়ন কৰা হৈছিল ৷ তেওঁলোকে আগন্তুক সময়তো এনে ধৰণৰ কাম কৰি যোৱাৰ কথা জানিবলৈ দিয়ে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি আব্দুল মজিদ, সম্পাদক তফিকুৰ ৰহমানৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক মোস্তাফা আলী ৷