নলবাৰী, 9 মে': অৱশেষত নাম ঘোষণা হ’ল অসমৰ মুখ্যমন্ত্ৰীৰ ৷ সোমবাৰে ৰাজ্যৰ পঞ্চদশগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব এসময়ৰ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাচতেই হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গৃহ গাঁৱত আনন্দৰ জোৱাৰ উঠিছে ৷ বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণাৰ পিছতেই নলবাৰী জিলাৰ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ লাটিমা গাঁৱত উছৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।
হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গাঁও লাটিমাত উখল মাখল পৰিৱেশ - দ্বিতীয় কাৰ্যকাল
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পিছতেই নলবাৰীত উখল মাখল পৰিৱেশ । হিমন্তৰ পিতৃ গৃহ গাঁৱতো গঞাৰ মাজত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখা যায় ৷
![হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গাঁও লাটিমাত উখল মাখল পৰিৱেশ হিমন্তৰ পিতৃৰ গাঁও লাটিমাত উখল মাখল পৰিৱেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11699855-thumbnail-3x2-a.jpg)
হিমন্তৰ পিতৃৰ গাঁও লাটিমাত উখল মাখল পৰিৱেশ
হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গাঁও লাটিমাত উখল মাখল পৰিৱেশ
জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ ৰাজনীতিত উল্লেখযোগ্য ভূমিকা লোৱা নেতা গৰাকীৰ পিতৃৰ গৃহ গাঁৱত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইফালে নলবাৰী পিতৃ গৃহৰ লাটিমাত প্ৰতিজন লোকৰ মাজত আনন্দ আৰু নতুন মুখ্যমন্ত্ৰী লৈ হিয়াভৰা শুভকামনা জনাইছে গাঁওবাসীয়ে ।
লগতে পঢ়ক :বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি