নলবাৰী, 6 আগষ্ট :নিজৰ মনৰ উদ্যম আৰু ঐকান্তিক প্ৰচেষ্টাত সকলো হ'ব পাৰে সম্ভৱ । মেধাৰ আগত সদায় দৰিদ্ৰতাই হাৰ মানি আহিছে । তেনেদৰেই দ্ৰৰিদ্ৰতাক নেওঁচি আগবাঢ়িছে এজন মেধা যুৱক । নলবাৰীৰ বাসিন্দা এইগৰাকী উচ্চশিক্ষিত যুৱক হৈছে নুৰ মহম্মদ ।
তিনি বছৰ বয়সতেই নুৰে হেৰুৱাইছিল পিতৃক । তাৰ পিচতেই আৰম্ভ হৈছিল নুৰৰ সংগ্ৰাম ৷ পঢ়াৰ ক্ষেত্ৰত যেন হাৰ মানিলে দ্ৰৰিদ্ৰতাই । নলবাৰীৰ ধমধমাৰ নুৰে মাছৰ ব্যৱসায় কৰাৰ লগতে কেৰাচিন তেল,পেট্ৰ'ল আদিৰ ব্যৱসায় কৰি উলিয়াইছিল নিজৰ পঢ়াৰ খৰছ । আৰবী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা নুৰে ইতিমধ্যে পিএইচডিৰ বাবে নিজৰ থেছিছ দখল কৰিছে ।
কিন্তু উচ্চ মেধাসম্পন্ন এইগৰাকী শিক্ষিত যুৱকৰ বাবে আজিলৈ সুদৃষ্টি নপৰিল চৰকাৰৰ ৷ টেট উত্তীৰ্ণ নুৰে আজিলৈ নাপালে চৰকাৰী নিযুক্তি । ৰঙা ফিটাৰ মেৰপেছত আৱদ্ধ হৈ ৰ'ল নুৰৰ চৰকাৰী নিযুক্তি । তথাপিও হাৰ নমনা নুৰে চলাই গৈছে জীৱন সংগ্ৰাম । শিক্ষাৰ মাদকতা আৰু মূল্যবোধক স্বীকৃতি দি নিজৰ লগতে নুৰে চলাই গৈছে নিজৰ জীৱন ৷