নলবাৰী, 23 মে' :সাম্প্ৰতিক সময়ত সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো মহামাৰী কৰ’ণাৰ আতংকই বিৰাজ কৰিছে ৷ এফালে আংশিক লকডাউন আৰু সান্ধ্য় আইন আনফালে কৰ’ণাৰ আতংকময় পৰিৱেশ ৷ এই সময়ছোৱাতে নলবাৰী জিলাবাসীক অলপ হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে বিজেপিৰ মৎস্যজীৱি কোষ ৷
ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা মৎস্যজীৱি কোষৰ উদ্যোগত দেওবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ।