অসম

assam

ETV Bharat / city

এইবাৰ বিজেপি জয়ী হ'লে সলাই পেলাব পাৰে দেশৰ সংবিধান : আব্দুল খালেক - আব্দুল খালেক

নলবাৰীৰ চামতাত আদৰণী অনুষ্ঠান আৰু কৰ্মীসভাত উপস্থিত থাকি বিজেপি-অগপক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে

নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক

By

Published : Apr 7, 2019, 7:06 PM IST

নলবাৰী, 7 এপ্ৰিল : এই নিৰ্বাচন অতি কঠিন নিৰ্বাচন, কিয়নো এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হলে সলাই পেলাব পাৰে দেশৰ সংবিধান ৷ আৰ এছ এছৰ সংবিধানখনকে বিজেপিয়ে বনাই দিব পাৰে দেশৰ সংবিধান ৷ দেওবাৰে নলবাৰীৰ চামতাত আদৰণি অনুষ্ঠান আৰু কৰ্মীসভাত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ উক্ত অনুষ্ঠানতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় আঞ্চলিক দল অগপকো ৷ অগপ এটা ভ্ৰষ্ট ৰাজনৈতিক দল আখ্যা দি CAB ৰ বিৰোধিতা কৰি নাটকেৰে চৰকাৰৰ পৰা ওলাই আহি পুনৰ ক্ষমতাৰ খকত CAB সমৰ্থনকাৰী বিজেপিৰ সৈতে মিত্ৰতাত মিলিত হোৱা কাৰ্যক কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰে এইবাৰ দিল্লীত কংগ্ৰেছ চৰকাৰক আনিবলৈ ৰাইজক আহ্বান কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ৷ ইপিনে এইবাৰ নিৰ্বাচনত অসমত কংগ্ৰেছে ১০ আখনত জয়ী হ'ব বুলি দৃঢ়তাৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে বৰপেটাৰ প্ৰাৰ্থীগৰাকীয়ে ৷

নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক

উল্লেখ্য যে, নলবাৰীৰ চামতাত অনুষ্ঠিত এই আদৰণি আৰু কৰ্মীসভাত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা, কংগ্ৰেছ নেত্ৰী পাপৰী মালাকৰ,প্ৰদ্যুৎ ভূঞাৰ লগতে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details