অসম

assam

By

Published : Dec 12, 2021, 7:36 PM IST

ETV Bharat / city

নলবাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব দিব্য কাশী ভব্য কাশীৰ লাইভ

ঐতিহ্যমণ্ডিত কাশীৰ বিশ্বনাথ ধামৰ স্বকীয়তা সম্পূর্ণ অক্ষত ৰাখি সমগ্ৰ আধ্যাত্মিক তথা সাংস্কৃতিক পৰিৱেশৰ বিকাশ সাধন কৰি ১৩ ডিচেম্বৰ প্ৰধানমন্ত্ৰীয়ে জনতাৰ বাবে মুকলি কৰিব ৷ ইয়াৰ লগত সংগতি ৰাখি দেওবাৰে বিজেপিৰ নলবাৰী জিলা সমিতিয়ে আয়োজন কৰে এখন সংবাদমেলৰ ৷

Divya Kashi Bhavya Kashi
নলবাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব দিব্য কাশী ভব্য কাশীৰ লাইভ

নলবাৰী, 12 ডিচেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে কাশী ধামৰ উদ্বোধন(Kashi Vishwanath Corridor will be inaugurated by PM) কৰিব ৷ উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্য মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ লগতে নেতা-মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকিব । কাশী বিশ্বনাথ যাত্ৰা কাৰ্যক্ৰম সম্পৰ্কে বিজেপিৰ নলবাৰী জিলা সমিতিয়ে দেওবাৰে এখন সংবাদমেল আয়োজন কৰি সদৰি কৰে এই কথা ৷

বিজেপিৰ নলবাৰী জিলাৰ সভাপতি মৃগাংক তালুকদাৰে সংবাদমেল দিব্য কাশী ভব্য কাশী(Divya Kashi Bhavya Kashi) লগত সংগতি ৰাখি 9 ডিচেম্বৰত প্ৰভাত সেৱী নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰাৰ কথা ব্যক্ত কৰে ৷ কিন্তু দেশৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱাট(India's first CDS General Bipin Rawat)ৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হোৱাত অনুষ্ঠানটো বাতিল কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ যাৰ বাবে সমিতিয়ে দেওবাৰে নলবাৰী চহৰত এটা সমদল উলিয়াই সত্ৰ শিৱ মন্দিৰ বাকৰিৰ প্ৰাংগণত স্বচ্ছতাৰ অভিযান(Cleanliness drive at Nalbari) ৰূপায়ন কৰে ৷

নলবাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব দিব্য কাশী ভব্য কাশীৰ লাইভ

তালুকদাৰে লগতে চহৰখনৰ প্ৰতিটো মণ্ডলত স্বচ্ছতাৰ অভিযান ৰূপায়ন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে সোমবাৰে দিনৰ 12.30 বজাত প্ৰতিটো মঠ-মন্দিৰত ডাঙৰ পৰ্দাৰ ব্যৱস্থা কৰি এই অনুষ্ঠানৰ লাইভ প্ৰদৰ্শন(BJP Nalbari district organized Live on DKBK) কৰাৰ কথা জানিবলৈ দিয়ে ৷ উক্ত সংবাদমেলত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ লগতে সম্পাদক নন্দলাল সৰকাৰ আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠান

ABOUT THE AUTHOR

...view details