অসম

assam

ETV Bharat / city

নলবাৰীত বিৰিণা গোষ্ঠীৰ সপ্তম বৰ্ষপূৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠান

নলবাৰীৰ দৌলাশালত আয়োজিত বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান দেওবাৰে সামৰণি পৰে (Birina Group Assam Anniversary Ceremony) । অনুষ্ঠানত সাহিত্যিক ড৹ দয়ানন্দ পাঠকক বিৰিণা সাহিত্য বঁটা আৰু সাংবাদিক তুলিকা দেৱীক "বিৰিণা সংবাদ প্ৰহৰী বঁটা ২০২২ প্ৰদান কৰা হয় ৷

Birina Group Assam Anniversary Ceremony
বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান

By

Published : Mar 14, 2022, 10:04 PM IST

নলবাৰী, ১৪ মাৰ্চ : সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান (Birina Group Assam Anniversary Ceremony) দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে নলবাৰী জিলাৰ দৌলাশালত অনুষ্ঠিত কৰা হয় ৷ বিৰিণা গোষ্ঠীৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰে সভাপতিত্ব কৰা মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷

সভাখনত নিদিষ্ট বক্তা হিচাপে সাহিত্যিক ইছমাইল হুছেইন, বিশিষ্ট সাহিত্যিক ড৹ দয়ানন্দ পাঠক, বজালী জিলাৰ উপাযুক্ত ভাৰত ভূষণ দেৱচৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । কবিতা, গীত-মাতেৰে জীপাল হৈ পৰা মুকলি সভাখনত কেইবাখনো গ্ৰন্থ আৰু কবিতা পুথি উন্মোচন কৰা হয় । অনুষ্ঠানটোত সাংবাদিক তুলিকা দেৱীক বিৰিণা সংবাদ প্ৰহৰী বঁটা ২০২২ প্ৰদান কৰা হয় । বঁটা প্ৰদান কৰে সাহিত্যিক ইছমাইল হুছেইনে ৷

বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান

আনহাতে বিশিষ্ট সাহিত্যিক ড৹ দয়ানন্দ পাঠকক বিৰিণা সাহিত্য বঁটা ২০২২ প্ৰদান কৰা হয় । বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে বিশিষ্ট সাহিত্যিকগৰাকীক এই বটা প্ৰদান কৰে । উক্ত বঁটাত আছে এখন মানপত্ৰ, স্মাৰক, চেলেং চাদৰ, গামোচা, ফুলাম জাপি, অভিধান আৰু নগদ ধন ।

বঁটা গ্ৰহণ কৰি সাহিত্যিক ড৹ দয়ানন্দ পাঠকে অসমীয়া ভাষা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইফালে সাংবাদিক তুলিকা দেৱীয়ে ভাষণত প্ৰসংগত মফছলীয়া সাংবাদিকসকলৰ লগতে বিৰিণা গোষ্ঠীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় । অনুষ্ঠানত বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা আৰু সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ব্যতিক্ৰমী দৃশ্য : গ'ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল জনপ্ৰতিনিধি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details