নলবাৰী, ৩ ফেব্ৰুৱাৰীঃ বিগত ১৬ জানুৱাৰীত ভোগালী বিহু উদযাপনৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সাংবাদিকৰ সৈতে আলোচনাত মিলিত হয় মৰোৱাবাসী ।
মৰোৱাত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতি ভূল বুজাবুজিৰ ফল - নলবাৰী
ভুল বুজাবুজি আঁতৰ হ'ল নলবাৰীৰ মৰোৱাবাসীৰ । অৱশেষত আলোচনাৰ মাধ্যমেৰে সমাধান ভোগালী বিহুৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
মৰোৱা সভা
মৰোৱা ভোগালী বিহু উদযাপনৰ সময়ত সংগীত পৰিচালক অজয় ফুকনক লৈ সাংবাদিকৰে সৈতে বুল বুজাবুজিৰ সৃষ্টি হৈছিল মৰোৱাবাসীৰ । অৱশেষত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সাংবাদিক আৰু ভোগালী মহোৎসৱ সমিতিৰ মাজত এখন সভা আয়োজিত হয় । সভাত সৌহাদ্যপূৰ্ণ আলোচনাৰ মাজেৰে সমগ্ৰ বিষয়টো আলোচনা কৰাৰ লগতে এয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।