নলবাৰী, 9 মাৰ্চ: নলবাৰীৰ মুগকুছিত দেওবাৰে প্ৰস্তাৱিত নলবাৰীবি এড কলেজৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত জিলাখনৰ মুগকুছিত গড়কাপ্তানি (গৃহ) বিভাগৰ অধীনত নিৰ্মাণ হ'ব লগা প্ৰস্তাৱিত বি এড কলেজখনৰ ভূমি পূজন আৰু আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । বিধায়কগৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, আৰ এছ এছ ৰ উত্তৰ অসম প্ৰান্তৰ সংঘ চালক ড৹ ভূপেশ চন্দ্ৰ শৰ্মাই ।
উল্লেখ্য যে, ৮ কোটি ১৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই নলবাৰী বি এড কলেজখন । শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত বি এড কলেজ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ শলাগ লৈছে সকলোৱে ।