অসম

assam

ETV Bharat / city

অসম নাট্য সন্মিলনৰ ৫৮ তম কেন্দ্ৰীয় নলবাৰী অধিবেশনৰ সফল সামৰণি - অসম নাট্য সন্মিলন

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে উজলি উঠিল অসম নাট্য সন্মিলনৰ ৫৮ তম কেন্দ্ৰীয় নলবাৰী অধিবেশন । পুষ্প সজ্জিত বাহনেৰে আদৰি আনিলে অসম নাট্য সন্মিলনৰ নৱ নিৰ্বাচিত সভাপতি কুমাৰ দীপক দাসক ।

Asom Natya Sanmilan 58th Convocation ends at Nalbari
অসম নাট্য সন্মিলনৰ ৫৮ তম কেন্দ্ৰীয় নলবাৰী অধিবেশনৰ সফল সামৰণি

By

Published : Mar 16, 2020, 5:53 PM IST

নলবাৰী, 16 মাৰ্চ :দীৰ্ঘপূৰ্ব অতীতক স্মৰণ কৰি ১৯৫৯ চনত ডিব্ৰুগড়ত বিষ্ণুৰাভাক সভাপতি আৰু তফজ্জুল আলীক সম্পাদক মনোনীত কৰি "অসম একাংক নাট সন্মিলন"ৰ জন্ম হৈছিল । পৰৱৰ্তী ১৯৬৭ চনত বৃহত্তৰ সপোন বুকুত বান্ধি মংগলদৈত পণ্ডিত ড৹ মহেশ্বৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন অভিবৰ্তনত সৰ্বসন্মত সিদ্ধান্তমৰ্মে "অসম একাংক নাট সন্মিলন" ৰূপান্তৰিত হয় "অসম নাট্য সন্মিলন"লৈ ।

জয়ন্ত হাজৰিকা, সাধাৰণ সম্পাদক ,৫৮ তম কেন্দ্ৰীয় নলবাৰী অধিবেশন পৰিচালনা সমিতি

নলবাৰীত অনুষ্ঠিত হোৱা এই সন্মিলনখনৰ ৫৮ তম কেন্দ্ৰীয় অধিবেশনৰ সামৰণি পৰে । ১৫ মাৰ্চত নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণৰ পৰা ঐতিহ্যমণ্ডিত নাট্য মন্দিৰলৈ উলিওৱা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী গনেশ তামুলীয়ে । উক্ত শোভাযাত্ৰাৰে আদৰি অনা হয় নৱ নিৰ্বাচিত সভাপতি কুমাৰ দীপক দাসক আৰু তেওঁক সংগ দিয়ে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা আৰু কাৰ্যকৰী সভাপতি গনেশ তামুলীয়ে ।

তাৰ পিছতে নাট্য মন্দিৰত যশস্বী অভিনেতা দুলাল ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা, বঁটা প্ৰদান অনুষ্ঠান, সম্বৰ্দ্ধনা, স্মৃতিগ্ৰন্থ উন্মোচন, ৱেব চাইড মুকলি আৰু অসম নাট্য সন্মিলনৰ নৱ নিৰ্বাচিত সভাপতি কুমাৰ দীপক দাসৰ আদৰণি অনুষ্ঠান ।

উক্ত অনুষ্ঠানতে চৈয়দ নাজিম আহমেদক অসম নাট্য সন্মিলন বঁটা আৰু পৰাগ শৰ্মাক মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হয় । সম্বৰ্ধিত শিল্পী সকল হ'ল- নলবাৰীৰ পবিন শৰ্মা, চতিয়াৰ পংকজ জ্যোতি ভূঞা, তেজপুৰৰ বীণা পটংগীয়া, ছিপাঝাৰৰ ৰজনী কান্ত নাথ, নগাঁৱৰ অজিত বৰঠাকুৰ, গুৱাহাটীৰ অতুল মজুমদাৰ, পাঠশালাৰ নিতুল কুমাৰ মেধি, তিনিচুকীয়াৰ মাধৱ বৰঠাকুৰ, তেজপুৰৰ গনেশ দাস আৰু শিৱসাগৰৰ লক্ষ্মীকান্ত মহন্ত ।

নৱ নিৰ্বাচিত সভাপতি কুমাৰ দীপক দাস

উল্লেখযোগ্য যে ১২ মাৰ্চৰ পৰা নলবাৰী নাট্য মন্দিৰত পতাকা উত্তোলনৰে আৰম্ভ হোৱা অধিবেশন প্ৰতিদিনেই বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে প্ৰতিদিনে ভিন্ন ৰসিক নাটৰে অনুষ্ঠিত হৈছে । ইফালে সামৰণিৰ নিশা নাট্য সন্ধিয়া উদ্ধোধন কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে । আৰু তিনিখনকৈ নাটৰে সামৰণি পৰে এই অধিবেশনখন ।

ABOUT THE AUTHOR

...view details