নলবাৰী,29 জানুৱাৰী:"স্বাৱলম্বী ভাৰত আত্মনির্ভৰশীল অসম' এই বাণী সাৰোগত কৰি ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে ৷ সমান্তৰালকৈ দেশৰ অৰ্থনৈতিক বিকাশ সাধিবলৈ ৰাজ্যৰ বহু যুৱক যুৱতী পুৰুষ মহিলায়ো এতিয়া বিভিন্ন কামত ব্যস্ত হৈ পৰিছে। ইফালে নানা প্ৰাকৃতিক সম্পদৰে উপচি আছে প্ৰকৃতিৰ বুকু। তাৰে ভিতৰত বাঁহ সম্পদো অন্যতম । ৰাজ্যত সহজতে পোৱা কাঠ বাঁহেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ইতিমধ্যে বহুলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
সমান্তৰালকৈ নলবাৰী জিলাৰ বাঁহ বেত সমবায় সমিতি খনেও বিভিন্ন বাঁহ শিল্পৰে উজ্বল নিদৰ্শণ দাঙি ধৰবিলৈ সক্ষম হৈছে । আনহাতে, আজি নলবাৰী জিলা বাঁহবেত সমবায় সমিতি খনৰ প্ৰথম বাৰ্ষিকী সভা। এই বাৰ্ষিকী সভা খনৰ লগত সংগতি ৰাখি নলবাৰী পাইকাৰকুছিৰ বৰকমাৰতলা চুবুৰীত জিলা খনৰ পৰা অহা বাঁহ বেত শিল্পী সকলৰ মাজত এখন কৰ্মশালাৰো অনুষ্ঠিত কৰে উদ্যোক্তা সকলে ৷ এই কৰ্মশালা খনৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী নৃপেন দাসে। লগতে জিলা শ্ৰম বিষয়াৰ লগতে উদ্যোগ বিষয়াকে আদি কৰি বহু বিশিষ্ট লোকো এই অনুষ্ঠানত উপস্থিত থাকে।