অসম

assam

ETV Bharat / city

Demand to Repeal AFSPA : ৰাজ্যৰ সৰ্বত্ৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ AJYCP ৰ

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Demand to Repeal AFSPA) ৷ সেই অনুসৰি বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত AFSPA প্ৰত্যাহাৰৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP Protest Demanding to Repeal AFSPA) ৷

ajycp-protest-for-demanding-withdrawal-of-afspa-in-assam
নলবাৰী, ডিব্ৰুগড়, ধেমাজীত উত্তাল প্ৰতিবাদ

By

Published : Dec 9, 2021, 10:51 AM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত 4 ডিচেম্বৰত সংঘটিত হোৱা ভাৰতীয় সেনাৰ নৃশংস হত্যাকাণ্ড(Ambush in Nagaland)ৰ বিৰোধfতা কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP Protest Demanding to Repeal AFSPA) ৷

নলবাৰী, ডিব্ৰুগড়, ধেমাজীত উত্তাল প্ৰতিবাদ

সেই অনুসৰি বুধবাৰে ডিব্ৰুগড় জিলাত AFSPA প্ৰত্যাহাৰৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে দেশৰ ৰাষ্ট্ৰপতিলৈও এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷ শীঘ্ৰে এই আইন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷ একেদিনাই ধেমাজিতো সংগঠনটোৱে জিলা সমিতিৰ উদ্যোগত কাছাৰী ময়দানৰ সন্মুখত AFSPA বাতিলৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

নলবাৰী জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই সশস্ত্ৰ বাহিনীৰ বিশেষ আইনখন বাতিল কৰাৰ দাবীত মুখত ক'লা কাপোৰ পিন্ধি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম শৰ্মা, সাধাৰণ সম্পাদক কৌশিক বৰ্মনকে ধৰি অন্যান্য সদস্যসকল ৷

নলবাৰী, ডিব্ৰুগড়, ধেমাজীত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, বিগত চেপ্তেম্বৰ মাহত অসমত বলৱৎ কৰা হৈছিল সশস্ত্ৰ বিৰোধী আইন ৷ এই আইনৰ বলৱৎৰ জৰিয়তে অসমক ছয়মাহলৈ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছিল । সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি ইতিমধ্যে পুনৰ ছমাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে ।

১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া এই আইনখনৰ ম্যাদ ছমাহৰ মূৰে মূৰে বৃদ্ধি কৰি অহা হৈছে । সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ অসমক বিগত 28 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ছয় মাহলৈকে "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে ।

যেতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এটাও অস্ত্ৰধাৰী সংগঠন শেষ হৈ নাযায়, তেতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত সামৰিক সংগঠন মজুত থাকিব । সেয়েহে সুৰক্ষাৰ বাবে সামৰিক তথ‍া অৰ্ধ সামৰিক বাহিনীক অসমত ক্ষমতা দিয়া হৈছে । যেতিয়ালৈকে শান্তি আলোচনা সম্পূৰ্ণ নহয় তেতিয়া লৈকে অসমত সামৰিক শক্তি সষ্টম হৈ থাকিব । এইটো এটা চৰকাৰী প্ৰক্ৰিয়া আৰু এইটো চলি থাকিব । সম্প্ৰতি এই আইন বাতিল কৰিবলৈ দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰাজনৈতিক দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এই পৰিস্থিতিক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে কিদৰে নিয়ন্ত্ৰণ কৰে, সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details