নলবাৰী,হাজো 29 অক্টোবৰ: নলবাৰী-কামৰূপ গ্ৰাম্য জিলাৰ সীমান্তৱৰ্তী চৰাবড়ীত মঙলবাৰে পুৱাই বায়ু সেনাৰ এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰা হয় ৷ পাইলটসহ তিনিজন কৰ্মী থকা হেলিকপ্টাৰখনৰ ইঞ্জিন বিকল হোৱাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰা হয় এখন পথাৰত ৷
নলবাৰীত বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ
নলবাৰী-কামৰূপ সীমান্তত এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰা হয় ৷ ইঞ্জিন বিকল হোৱাৰ বাবে চৰাবড়ীৰ এখন পথাৰত হেলিকপ্টাৰখনৰ জৰুৰী অৱতৰণ কৰে পাইলটে ৷
নলবাৰীত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ
ঘটনাৰ পাচতে আন এখন হেলিকপ্টাৰ উপস্থিত হৈ বিকল হেলিকপ্টাৰখনৰ মেৰামতি কৰে। ইফালে এই ঘটনা সন্দৰ্ভত সাংবাদিকক সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত থাকে হেলিকপ্টাৰৰ পাইলটসহ কৰ্মীসকল।
Last Updated : Oct 29, 2019, 4:13 PM IST