অসম

assam

ETV Bharat / city

নলবাৰীত অগপক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ

নলবাৰী সমষ্টিত অসম গণ পৰিষদক টিকট প্ৰদানৰ দাবী কৰিছে নলবাৰীৰ অসম গণ পৰিষদে । মিত্ৰজোঁত থকা অগপই নলবাৰী সমষ্টি বিছাৰি উত্তাল প্ৰতিবাদ কৰা দেখা গৈছে ।

By

Published : Mar 5, 2021, 10:16 PM IST

নলবাৰীত অগপক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ
নলবাৰীত অগপক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ

নলবাৰী,5 মাৰ্চঃ কোন সমষ্টিত কোন দলে টিকট লাভ কৰিব যদিও এতিয়ালৈকে নিশ্চিত হোৱা নাই তথাপিও প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলৰ সমৰ্থনৰ নেতাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে ৷ নলবাৰী সমষ্টিত অসম গণ পৰিষদক টিকট প্ৰদানৰ দাৱী কৰিছে নলবাৰী অসম গণ পৰিষদে । মিত্ৰজোঁত থকা অগপই নলবাৰী সমষ্টি বিছাৰি উত্তাল প্ৰতিবাদ কৰা দেখা গৈছে ।

উল্লেখযোগ্য যে, এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ নলবাৰী এতিয়া পুনৰ আঞ্চলিক শক্তিৰ হাতলৈ ঘুৰাই অনাৰ বাবে নলবাৰী সমষ্টিৰ অগপৰ কৰ্মীসকলৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । নলবাৰী সমষ্টিৰ অগপ নেতা দীলিপ কুমাৰ দাসক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ কৰে নলবাৰীৰ অগপৰ কাৰ্যালয়ত।

লগতে পঢ়কঃ ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

ABOUT THE AUTHOR

...view details