অসম

assam

ETV Bharat / city

দৰ্শণাৰ্থীক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেৱালয় - বিল্বেশ্বৰ দেবালয়

যোৱা ২১ মাৰ্চৰ পৰা বন্ধ হৈ থকা নলবাৰীৰ শক্তিধাম ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ দুৱাৰ কাইলৈৰ পৰা খোল খাব ৷ চৰকাৰে জাৰী কৰা সকলো নীতি-নিৰ্দেশনাৰ অৱলম্বন কৰি দৰ্শণাৰ্থীৰ বাবে দেৱালয়খন পুনৰ খুলিব বুলি মুখ্য দলে ৰঞ্জিত মিশ্ৰই সদৰী কৰে ।

After long Duration Reopen Bilbeswar Tample in Nalbari
দৰ্শণাৰ্থীক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেবালয়

By

Published : Jun 7, 2020, 7:30 PM IST

নলবাৰী, 7 জুনঃকাইলৈৰ পৰা খোল খাব নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় । এই কথা সদৰী কৰে বিল্বেশ্বৰ দেৱালয় খনৰ মুখ্য দলৈ ৰঞ্জিত মিশ্ৰই ৷

ইতিমধ্যে চৰকাৰৰ কেতবোৰ দিশত শিথিল কৰি দিছে লকডাউনৰ নীতি-নিৰ্দেশনা ৷ একেদৰে লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত তিনিমাহ ধৰি বন্ধ হৈ আছিল নলবাৰীৰ বিল্বেশ্বৰ দেৱালয় । উল্লেখ্য যে, যোৱা ২১ মাৰ্চৰ পৰা বন্ধ হৈ থকা শক্তিধাম ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় বন্ধ দুৱাৰ কাইলৈৰ পৰা খোল খাব বুলি সদৰী কৰিছে দেৱালয়ৰ মুখ্য দলে ৰঞ্জিত মিশ্ৰই ।

দৰ্শণাৰ্থীক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেবালয়

আনহাতে, চৰকাৰে ঘোষণা কৰা সকলো নীতি-নিয়মৰ মাজেৰে দৰ্শণাৰ্থী সকলে বিল্বেশ্বৰ দেৱালয় দৰ্শণ কৰাৰ লগতে পূজা পাতল কৰিব পাৰিব । লগতে সকলো ভক্তই যাতে সামাজিক দুৰত্ব বজাই ৰাখি মন্দিৰত প্ৰৱেশ কৰে তাৰ বাবে সকলো দৰ্শণাৰ্থীক আহ্বান জনাইছে মুখ্য দলে ৰঞ্জিত মিশ্ৰই । তাৰোপৰি চৰকাৰ প্ৰশাসনে যাতে উক্ত বিষয়টোৰ প্ৰতি নজৰ ৰাখে তাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়ক-মহানগৰীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details