অসম

assam

By

Published : Aug 9, 2019, 9:55 AM IST

ETV Bharat / city

নলবাৰীত অগৰু গছ ৰোপণৰ বিশেষ প্ৰকল্প

নলবাৰীত অগৰু গছ ৰোপণৰ বিশেষ প্ৰকল্প ৷ 2000 জোপা অগৰু গছ ৰোপণৰ পৰিকল্পনা কৰা হৈছে নলবাৰীৰ নবীন তামুলী পামত ৷

নলবাৰীত অগৰু গছ ৰোপনৰ বিশেষ প্ৰকল্প

নলবাৰী,9আগষ্ট : নলবাৰী জিলাৰ তিলানাত অগৰু গছ ৰোপণৰ এক বিশেষ প্ৰকল্প হাতত লোৱা হৈছে ৷ নলবাৰীৰ তিলানাস্থিত বিখ্যাত নবীন তামুলী পামত অগৰু গছ ৰোপণৰ প্ৰকল্প হাতত লৈছে বিশিষ্ট সমাজকৰ্মী গনেশ তামুলীয়ে ৷ নামনি অসমত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এনে পদক্ষেপ । অতি মূল্যবান অগৰু গছৰ বাবে অসমৰ মাটি পানী উত্তম আৰু অগৰু গছে দিব পাৰে জীৱিকাৰ সন্ধান ৷ যাৰ বাবে এতিয়া নলবাৰী জিলাত এই মূল্যবান অগৰু গছক লৈ চলিছে নতুন পৰিকল্পনা ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে নলবাৰীৰ তিলানাত থকা এইখন আদৰ্শ নবীন তামুলী পামত অগৰু গছ ৰোপণৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । আনুষ্ঠানিক ভাৱে অগৰু গছ ৰোপণৰ শুভাৰম্ভ কৰা এই নবীন তামুলী পামত 2000 জোপা অগৰু গছ ৰোপনৰ পৰিকল্পনা হাতত লৈছে বুলি পামৰ স্বত্বাধিকাৰ গণেশ তামুলীয়ে জানিবলৈ দিয়ে ৷

নলবাৰীত অগৰু গছ ৰোপনৰ বিশেষ প্ৰকল্প

ABOUT THE AUTHOR

...view details