নলবাৰী, 5 আগষ্ট :এখন বিশেষ চাইকেলে নলবাৰীত (NALBARI) ব্যাপক চৰ্চা লাভ কৰিছে ৷ চাইকেলখন (cycle ) সাজি উলিয়াইছে এজন ছাত্ৰই ৷ যি সময়ত ক’ৰণাকালীন পৰিস্থিতিৰ (COVID-19 SITUATIONS) বাবে ছাত্ৰ-ছাত্ৰী সকল ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে ৷ সেই সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে সময়ৰ সদব্যৱহাৰ কৰা দেখা গৈছে ৷ তেনে এক ব্যতিক্ৰমধৰ্মী কাম কৰিয়েই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ছাত্ৰজন ৷
ছাত্ৰজন হৈছে নলবাৰী জিলাৰ আমনি গাঁৱৰ কৃষক জমিৰ উদ্দিন আহমেদৰ পুত্ৰ জিতু উদ্দিন আহমেদ (JITU UDDIN AHMED) ৷ জিতু উদ্দিন আহমেদে লক ডাউনৰ (LOCK DOWN) সময়ছোৱাত ঘৰতে থাকি নিজ হাতেৰে সাজি উলিয়াইছে এখন বিশেষ চাইকেল ৷ বিশেষ মানে এখন কাঠৰ চাইকেল (Wood Cycle ) জিতু উদ্দিন আহমেদে সাজি উলিয়াইছে ৷ সাধাৰণ চাইকেলৰ দৰেই এই কাঠৰ চাইকেলখন চলাই ঘূৰি ফুৰিব পাৰি ৷
ইপিনে কাঠৰ চাইকেলখন যেতিয়াই জিতু উদ্দিন আহমেদে চলাবৰ বাবে উলিয়াই লৈ যায় তেতিয়াই বাটৰুৱা আৰু স্থানীয় লোকে ৰৈ ৰৈ চায় আৰু চাইকেলখনৰ সৈতে ছেলফি উঠিবলৈ আগ্ৰহ কৰে ৷