নলবাৰী, 29 জুন: নলবাৰীত বন্যাৰ্তৰ কাষত খাদ্য সামগ্ৰী লৈ বুধবাৰে উপস্থিত হয় অসমৰ সংগীত শিল্পীৰ এটি দল (Flood relief distribution by artist group) । সংগীত শিল্পীৰ দলটোৱে জিলাখনৰ বৰভাগৰ বৰশিমলুৱা গাঁৱত বানে তচনচ কৰি থৈ যোৱা তিনি শতাধিক পৰিয়ালক প্ৰদান কৰে কিছু খাদ্য সামগ্ৰী । কণ্ঠশিল্পী ভৃগু কাশ্যপ, গীতালি দেৱী, ৰূপালী কাশ্যপে বন্যাৰ্তলৈ আগবঢ়ালে এই খাদ্য সামগ্ৰী (Vigu Kashyap distributes flood relief)। কণ্ঠশিল্পীৰ দলটোৱে বৰশিমলুৱা বুঢ়াগোহাঁই ঘৰ মন্দিৰ প্ৰাংগণত 350 টা বানাক্ৰান্ত পৰিয়ালক বান সাহাৰ্য বিতৰণ কৰে । ইয়াৰ পূৰ্বে শিল্পীৰ দলটোৱে মেধিকুচি আৰু ভবানীপুৰতো বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ।
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সবিশেষ :
বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈ আছে বেকী, কপিলী আৰু ব্ৰহ্মপুত্ৰ নদী ৷ ৰাজ্যৰ 28 খন জিলা এতিয়াও বানৰ কৱলত ৷