নলবাৰী, 2 অক্টোবৰ:অসমৰ ৰাস মহোসৱ বুলি ক’লেই নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ (Raas Festival of Sri Sri Harimandir) কথাই মনলৈ আহে৷ উজনি-নামনিৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসস্থলী । এইবেলি 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আৰম্ভ হ'ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November ) । 1933 চনৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱে এইবাৰ 89 বৰ্ষত ভৰি দিব (89th Nalbari Raas Mahotsav) ।
ৰাস মহোৎসৱ উদযাপনৰ নতুন কমিটিৰ সভাপতি নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah) এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে । উল্লেখ্য যে, বিগত দুটা বছৰ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল ৷