কলিয়াবৰ 25 এপ্ৰিলঃ কলিয়াবৰৰ হাটবৰ অঞ্চলৰ ঐতিহাসিক ৰাম তামূলী পৰিয়ালৰ বংশধৰ "মোমাই তামূলীৰ সপোন ৰূপ দিয়া" কলিয়াবৰৰ কথা কোৱা কথাশিল্পী, গীতিকাৰ কুসুম বৰা আৰু নাই । সন্ধ্যা হাটবৰ নাট্য সমাজৰ ব্ৰীজ খেলৰ ৰসাল আড্ডাৰ আশীৰ উৰ্দ্ধৰ চফল ডেকা আড্ডাবাজ জন এতিযা আৰু নাহে । সংসাৰৰ মায়া-মোহ এৰি বিদায় মাগিলে সুধাকন্ঠৰ কন্ঠেৰে নিগৰিত 'এইখন কলিয়াবৰ'ৰ গীতৰ ৰচকজন,হেৰাই গ'ল অসমৰ সাহিত্য জগতৰ এটি পৰিচিত নাম।
কলিয়াবৰৰ কথা কোৱা কথাশিল্পী গীতিকাৰ কুসুম বৰা আৰু নাই লক ডাউনৰ মাজতে শুকুৰবাৰে নিশা ৯:৪০ বজাত ইহলীলা সম্বৰণ কৰে। বিশিষ্ট কথাশিল্পী 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰাৰ ভাতৃ, দুই শতাধিক গল্প, কেইবাখনো পূৰ্ণাংগ আৰু একাংক নাটকৰ স্ৰষ্টা,গীতিকাৰ কুসুম বৰাৰ পৰলোকপ্ৰাপ্তিত শোকস্তব্ধ কলিয়াবৰ ।
কলিয়াবৰৰ কথাশিল্পী,গীতিকাৰ কুসুম বৰা আৰু নাই কলিয়াবৰ হাটবৰৰ নিবাসী সাহিত্যিক জনে কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ দায়িত্ব সফলতাৰে সামৰি কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতিৰ দায়িত্বও নিষ্ঠাৰে পালন কৰিছিল। প্ৰায় এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ মৃত্যুক আঁকোৱালি লোৱা বিশিষ্ট সাহিত্যিকজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। মৃত্যুৰ সময়ত পত্নী,তিনিগৰাকী জীয়াৰী তথা জোঁৱাই আৰু একমাত্ৰ পো-বোৱাৰী লগতে নাতি-নাতিনী এৰি থৈ যায়। বৰাৰ মৃত্যুত বিভিন্ন দল -সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷
কলিয়াবৰৰ কথা কোৱা কথাশিল্পী গীতিকাৰ কুসুম বৰা আৰু নাই লগতে পঢকঃ এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী