অসম

assam

By

Published : Apr 23, 2019, 9:26 PM IST

ETV Bharat / city

কলিয়াবৰত "বিশ্ব গ্ৰন্থ দিৱস" উদযাপন

কলিয়াবৰৰ ডo ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত কিছুসংখ্যক ছাত্ৰ - ছাত্ৰীৰ উপস্থিতিত পালন কৰা হয় "বিশ্ব গ্ৰন্থ দিৱস" । গ্ৰন্থাগাৰ সৌৰভ বৰাৰ নেতৃত্বত পালন কৰা এই দিৱসত বিশিষ্ট কুসুম বৰাই গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী বুলি মন্তব্য কৰে । আনহাতে, ৰবীন শৰ্মাই এই অনুষ্ঠানতে বৰ্তমানৰ গ্ৰন্থৰ প্ৰতি সৰ্বসাধাৰণ বিশেষকৈ ছাত্ৰ - ছাত্ৰীৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ।

WORLD BOOK DAY AT KALIABAR

কলিয়াবৰ, ২৩ এপ্ৰিল: ১৯৯৫ চনৰ ১৩ এপ্ৰিলৰ দিনটোত বিশ্বত গ্ৰন্থপ্ৰেমী এচাম সচেতন পাঠক সৃষ্টিৰ লক্ষ্যৰে ইউনেস্ক'ই "বিশ্ব গ্ৰন্থ দিৱস" পালনৰ দিহা কৰিছিল । অতি গুৰুত্বপূৰ্ণ এই দিৱসটোৱে নিৰ্বাচন আৰু বিহুৰ বাবে অসমত পাবলগীয়া গুৰুত্বখিনিও নাপালে যদিও ব্যতিক্ৰম দেখা গ'ল কলিয়াবৰত । ডo ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত কিছুসংখ্যক শিশুৰ উপস্থিতিত পালন কৰা হয় "বিশ্ব গ্ৰন্থ দিৱস"ৰ । গ্ৰন্থাগাৰ সৌৰভ বৰাৰ নেতৃত্বত পালন কৰা হয় এই দিৱস ।

WORLD BOOK DAY AT KALIABAR

১৯৯৫ চনত কলিয়াবৰৰ কুঁৱৰীটোলত "জ্ঞানশ্ৰী"ৰ জৰিয়তে গ্ৰন্থ আন্দোলনৰ অংশীদাৰ হোৱা ৰবীন শৰ্মাই এই অনুষ্ঠানতে বৰ্তমানৰ গ্ৰন্থৰ প্ৰতি সৰ্বসাধাৰণ বিশেষকৈ ছাত্ৰ - ছাত্ৰীৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ।আনহাতে, বিশিষ্ট গল্পকাৰ তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ আৰু শিক্ষক কুসুম বৰাই গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী বুলি মন্তব্য কৰে । নৱ-প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী হোৱাতো শুভ লক্ষণ বুলিও তেওঁ উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details