অসম

assam

প্ৰাপ্যবঞ্চিত বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Aug 1, 2021, 4:42 PM IST

প্ৰাপ্য মজুৰি বিচাৰি বিশাল মেগা মাৰ্টৰ কৰ্মচাৰী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱৰ চামগুৰিত ৷ শীঘ্ৰে যদি প্ৰাপ্য আদায় নিদিয়ে তেনেহলে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

workers Protest Against Bishal mega Mart At Samguri, Nagaon District
প্ৰাপ্য বিচাৰি বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

চামগুৰি, 1 আগষ্ট : নগাঁও জিলাৰ চামগুৰিত প্ৰাপ্য মজুৰি বিচাৰি বিশাল মেগা মাৰ্টৰ কৰ্মচাৰী সকলে শনিবাৰে উত্তাল প্ৰতিবাদ (Protest) সাব্যস্ত কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) নগাঁও জিলা (Nagaon District) সমিতিয়ে বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিগত দুটা বছৰে সম্পূৰ্ণ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ কৰিছে বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীসকলে।

বিশাল মেগা মাৰ্টৰ ছাটাৰ বন্ধ কৰি দিয়াৰ উপৰিও গ্ৰাহকসকলৰ প্ৰৱেশ-প্ৰস্থান পথটো বন্ধ কৰি দিয়ে কৰ্মচাৰী সকলে । বিগত দুটা বছৰে প্ৰাপ্য মজুৰিৰ দিয়াৰ নামতো বিশাল কৰ্তৃপক্ষই প্ৰৱঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে কৰ্মচাৰী সকলে । বিশাল কৰ্তৃপক্ষই ক'ভিডৰ দোহাই দি বহু কেইজন কৰ্মচাৰীক উলিয়াই দিয়ে বুলি অৱগত কৰে কৰ্মচাৰী সকলে ।

প্ৰাপ্য বিচাৰি বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতো সময়মতে মজুৰি মোকলাই নিদিয়াৰ ফলত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ ৷ কিন্তু ইয়াৰ বিপৰীতে বিশাল কৰ্তৃপক্ষৰ একাংশ কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা আদায় দিয়াৰ বিপৰীতে অসমৰ কৰ্মচাৰী সকলক বঞ্চিত কৰাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক -কেঁচা চাহপাত নিম্নগামী মূল্যই বিপাঙত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

আনহাতে, বিশাল মেগা মাৰ্টৰ পৰিচালকজনক এই বিষয়ে সুধিবলৈ যোৱাত কামৰ পৰা বাহিৰ কৰাৰ হুংকাৰহে দিয়ে বুলি কৰ্মচাৰী সকলে জানিব দিয়ে । লগতে তেওঁলোকৰ প্ৰতিজনকে স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ দাবী জনায় । যেতিয়ালৈকে তেওঁলোকৰ সমস্যা সমাধান নকৰে তেতিয়ালৈ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ দিয়ে ৷

আনহাতে,পৰিচালকজনে কৰ্মচাৰীসকলক কৰা ব্যৱহাৰৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলৰ লগতে অসম যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে।

লগতে পঢ়ক - ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details