অসম

assam

ETV Bharat / city

ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে

এটি 6 বছৰীয়া কণমানি ৷ অসমৰ নগাঁও জিলাৰ ধিঙৰ বাসিন্দা স্মৰণীকা বৰা আৰু তীক্ষ্ণ বৰাৰ পুত্ৰ এইগৰাকী শিশু হৈছে কৃতি কল্প বৰা ৷

By

Published : Sep 4, 2020, 12:20 AM IST

ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে
ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে

নগাঁও, 3 ছেপ্টেম্বৰ : এটি কণমানিৰ নাগাৰা বাদনে চমক সূষ্টি কৰিছে নগাঁৱত ৷ জিলাখনৰ ধিঙৰ এটি ছবছৰীয়া কণমানিৰ নাগাৰা বাদনে চমক সৃষ্টি কৰিছে । কণমানিটোৰ নাম কৃতি কল্প বৰা, বয়স মাত্ৰ 6 বছৰ । ঘৰ জিলাখনৰ ধিঙৰ ৰত্ননগৰত ।

ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদন

এইগৰাকী কণমানিৰ নাগাৰা বাদনে এতিয়া আকৰ্ষিত কৰিছে সকলোকে । কণমানিটিয়ে একেসময়তে বজাব পাৰে একেলগে চাৰিটাকৈ নাগাৰা । উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত ঘৰতে আৱদ্ধ বহুজনে ঘৰুৱা কামবনৰ লগতে বিভিন্ন ক্ষেত্রত নিয়োজিত হৈ পৰিছিল । কিন্তু ধিঙৰ এদল কণমানি ব্যস্ত হৈ পৰিছিল ধিঙৰ ৰত্নজ্যোতি মইনা পাৰিজাতে উদ্যোগ লোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি নাগাৰা বাদন আৰু দিহানামৰ চৰ্চাত । যাতে গুৰুজনাৰ অমৰ সৃষ্টি আৰু কৃষ্টি-ৰাজিক নৱপ্ৰজন্মই জীয়াই ৰাখিবলৈ সক্ষম হয় । সেয়ে ধিঙৰ এইসকল শিশু ব্যস্ত হৈ পৰিছিল সংস্কৃতি সাধনাত ।

ছবছৰীয়া কৃতি কল্পৰ নিখুত দেৱবাদ্য বাদনে আকৰ্ষিত কৰিছে সকলোকে

যি সময়ত নৱপ্ৰজন্মৰ একাংশ উচ্ছৃঙ্খলতাৰ দিশে ধাৱমান হৈছে, একে সময়তে এইসকল কণমানিয়ে অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যৰে সংস্কৃতি সাধনাত ব্ৰতী হোৱা কাৰ্যই সমাজলৈ কঢ়িয়াই আনিছে এক শুভ বাৰ্তা । মাতৃ স্মৰণীকা বৰা আৰু পিতৃ তীক্ষ্ণ দেননাথৰ একমাত্র পুত্র সন্তান হ'ল কৃতিকল্প । মাক দেউতাকৰ অফুৰন্ত হেঁপাহ পুত্ৰ দেৱবাদ্যত পাৰ্গত হোৱা । ভৱিষ্যতে এগৰাকী বলিষ্ঠ বাদ্য বাদক হোৱাৰ সপোন ৰখা কল্পলৈ ইটিভি ভাৰতৰ পৰা বহুত শুভকামনা ।

লগতে পঢ়ক :ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

ABOUT THE AUTHOR

...view details