অসম

assam

By

Published : Jul 9, 2021, 10:20 PM IST

ETV Bharat / city

চামগুৰিত বন্যহস্তীয়ে লণ্ড ভণ্ড কৰিলে বাসগৃহ

শুকুৰবাৰে নিশা চামগুৰিৰ শিঙিয়া ভকত গাঁৱত বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰে ৷ ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে ভঁৰালৰ ধান ৷

Wild elephant infestation in Samguri, Nagaon District
চামগুৰিত বন্যহস্তীৰ ত্ৰাস অব্যাহত

চামগুৰি,9 জুলাই : ৰাজ্যত ক্ৰমাত বৃদ্ধি পাই আহিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। নগাঁও জিলাৰ চামগুৰিতো বনৰীয়া হাতীৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । শুকুৰবাৰে নিশা চামগুৰিৰ শিঙিয়া ভকত গাঁৱৰ তৰুণ বৰা নামৰ লোকজনৰ ঘৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷ নিশা অহা দুটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বাসগৃহৰ লগতে খাই তহিলং কৰে ভঁৰালৰ ধান ৷ ফলত ব্যাপক ক্ষতি সাধন হয় পৰিয়াটোৰ ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতী দুটাই ত্ৰাস সৃষ্টি কৰি আহিছে । বনৰীয়া হাতীৰ ত্ৰাসৰ খবৰটো স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰিছে যদিও আজি লৈকে বনাঞ্চললৈ খেদি পঠিয়াব পৰা নাই বুলি সাংবাদিকৰ আগত সদৰি কৰে স্থানীয় ৰাইজে ৷ ফলত প্ৰায় ২০/ ২৫ দিন ধৰি নিতৌ জনাঞ্চললৈ আহি ৰাইজৰ বৃহৎ ক্ষতি সাধন কৰিছে বুলি অভিযোগ কৰিছে ৷

চামগুৰিত বন্যহস্তীৰ ত্ৰাস অব্যাহত

ইফালে বনৰীয়া হাতী দুটাই সৃষ্টি কৰা ত্ৰাসৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে স্থানীয়লোক সকলে । বন বিভাগৰ লোকে অঞ্চলটোত নিশা এপাক আহিয়েই নিজৰ দায়িত্ব সামৰে বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে । শীঘ্ৰেই বনৰীয়া হাতীদুটা বনাঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বনবিভাগক আহ্বান জনাইছে ৰাইজে ৷

কিছু দিন পূৰ্বে চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰদল দিলিকাবস্তীতো বন্যহস্তীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি জনাঞ্চালত মুক্ত বিচৰণ কৰিছিল এজাক বন্যহস্তীয়ে । খাদ্যৰ সন্ধানত বনাঞ্চলসমূহৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকটোৱে ঘৰ-দুৱাৰ লণ্ড ভণ্ড কৰাৰ উপৰিও, শস্য পথাৰ খাই তহিলং কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, ইতিমধ্যে গোলাঘাট, নগাঁও, শোণিতপুৰৰ ৰঙাপৰা, সোণাৰি, বিশ্বনাথ, গোৱালপাৰা আদিত এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ বিদায়ী বৰ্ষটোত হাতী-মানুহৰ সংঘাতত প্ৰাণ হেৰুৱাইছে 87 গৰাকী লোকে ৷ অন্যান্য বছৰৰ তুলনাত 2019 বৰ্ষত হাতী-মানুহৰ সংঘাতে চূড়ান্ত পৰ্যায় পোৱা দেখা যায় ৷ এই সংঘাতৰ ফলত কেৱল মাত্ৰ মানুহৰে নহয় বন্যহস্তীৰো মৃত্যু ঘটে ৷


লগতে পঢ়ক-পুৱাতেই জনাঞ্চলত গজৰাজৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details