অসম

assam

By

Published : Oct 26, 2019, 4:49 PM IST

ETV Bharat / city

কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলত পুনৰ বন্যহস্তীৰ মৃত্যু

এসপ্তাহতে উদ্ধাৰ দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ ।

wild elephant death in nagaon

নগাঁও,26 অক্টোবৰ: বন্যহস্তীৰ মৃত্যু উপত্যকাত পৰিণত হৈছে বঢ়মপুৰৰ কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চল । এসপ্তাহতে উদ্ধাৰ দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ। মঙলবাৰে কন্দলিত হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত শনিবাৰে পুনৰ বঢ়মপুৰৰ শুকানজুৰিত আকৌ উদ্ধাৰ হ'ল এটি হাতী পোৱালিৰ মৃতদেহ। শুকানজুৰি চাহবাগিচাৰ কাষৰ জলাশয়ত উদ্ধাৰ হৈছে হাতী পোৱালিটোৰ মৃতদেহ ।

বঢ়মপুৰৰ শুকানজুৰিত আকৌ উদ্ধাৰ হ'ল এটি হাতী পোৱালিৰ মৃতদেহ

শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে প্ৰৱেশ কৰিছিল বাগিচাখনত। বন বিভাগ আৰু স্থানীয় ৰাইজে হাতীৰ জাকৰ মাজত হোৱা যুঁজত হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ বৰ্তমান বনবিভাগে হাতী পোৱালীটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

লগতে চাওকঃযোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details