চামগুৰি, 20 জানুৱাৰী : বন্যহস্তী নহয়, এইবাৰ বনৰীয়া ম'হৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ (Wild Buffalo menace in Nagaon)। নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্তী তথা নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ জলাহ গাঁৱত এটা বনৰীয়া ম'হে তীব্ৰ উপদ্ৰৱ চলায় আহিছে । বিগত ৫ দিন ধৰি জলাহৰ পথাৰত বনৰীয়া ম'হটোৱে উপদ্ৰৱ চলাই সৰিয়হৰ খেতি অনিষ্ট কৰাৰ লগতে পশুধনৰো ক্ষতিসাধন কৰি আহিছে (Wild Buffalo attack in Nagaon)।
জলাহৰ ৰাইজে বন বিভাগক খবৰ দি আহিছে যদিও আজি পৰ্যন্ত ম'হটো খেদাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । প্ৰতিদিনাই বন বিভাগৰ তহলদাৰী দলে বনৰীয়া ম'হটো পৰ্যবেক্ষণ কৰি আহিছে যদিও নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ সঠিক পৰিকল্পনা আৰু সদিচ্ছাৰ অভাৱৰ বাবেই আজি পৰ্যন্ত বনৰীয়া ম'হটো খেদি পঠিয়াব পৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।