অসম

assam

By

Published : May 25, 2021, 10:23 PM IST

ETV Bharat / city

নগাঁৱত ক’ভিড আক্ৰান্ত মাতৃ, সন্তানক স্বাগতম কিট প্ৰদান

নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ধিং ৰাজহ চক্ৰৰ অধীনত জৱাহৰ নৱোদয় বিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈ থকা এগৰাকী ৩০ বছৰীয়া ক'ভিড পজিটিভ মাতৃ আৰু তেওঁৰ সন্তানক এক স্বাগতম কিট প্ৰদান ৷

নগাঁৱত ক’ভিড আক্ৰান্ত মাতৃ, সন্তানক স্বাগতম কিট প্ৰদান
নগাঁৱত ক’ভিড আক্ৰান্ত মাতৃ, সন্তানক স্বাগতম কিট প্ৰদান

নগাঁও, 25 মে': সমগ্ৰ অসমজুৰি অব্যাহত আছে কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ ৷ কৰ’ণাৰ দ্বিতীয় ঢৌ'ত দৈনিক অসমত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোকৰ ৷ বিগত দিনকেইটাত অসমত গঢ় হিচাবে 50 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ তাৰ মাজতো নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ ৷

নগাঁৱত ক’ভিড আক্ৰান্ত মাতৃ, সন্তানক স্বাগতম কিট প্ৰদান

নগাঁও জিলা প্ৰশাসনে ক'ভিড কেয়াৰ চেণ্টাৰ আৰু চিকিৎসালয় সমূহত থকা ৰোগীসকলৰ সুবিধাৰ বাবে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি মঙলবাৰে ধিং ৰাজহ চক্ৰৰ অধীনত জৱাহৰ নৱোদয় বিদ্যালয় ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈ থকা এগৰাকী ৩০ বছৰীয়া ক'ভিড পজিটিভ মাতৃ আৰু তেওঁৰ সন্তানক এক স্বাগতম কিট প্ৰদান কৰে ।

স্বাগতম কিটটোত কোমল পুতলা, চকলেট, গাখীৰৰ পেকেট, ড্ৰাই ফ্ৰুইটচ্, জনছন বেবী চাবোন, আৰু মাতৃ গৰাকীৰ বাবে চেনিটাইজাৰ আৰু চেনিটাৰী টাৱেল অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতিদিনে শিশুটোৰ বাবে কেঁচুৱাৰ খাদ্য‌ও প্ৰদান কৰা হয় । উল্লেখ্য যে , নগাঁও জিলা কৰ’ণাত আক্ৰান্তৰ অন্যতম হটস্পট হিচাবে পৰিগণিত হৈছে

লগতে পঢ়ক :অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ABOUT THE AUTHOR

...view details