পুনৰ ডিটেনচন কেম্প বিতৰ্কঃ কেম্পত মৃত্যু ধিঙৰ সুৰুজ আলী - গোলাপ জান
ডিটেনচন কেম্পত মৃত্যু নগাঁও জিলাৰ ধিঙৰ বটাবাৰীৰ লোকৰ ৷ এবছৰ পূৰ্বে ধিঙৰ বটাবাৰীৰ সুৰুজ আলি আৰু পত্নী গোলাপ জানক বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল বিদেশী বুলি ৷
ডিটেনচন কেম্পত এগৰাকী বন্দীৰ মৃত্যুক আঁকোৱালি
বটদ্ৰৱা , 9 জুনঃ ডিটেনচন কেম্পত মৃত্যুক আঁকোৱালি এগৰাকী বন্দীৰ ৷ ধিঙৰ চুবেদ আলী নামৰ এজন সীমান্ত আৰক্ষীয়ে সুৰুজ আলী আৰু পত্নী গোলাপ জানক মুকলি কৰি দিয়াৰ উদ্দেশ্যে পৰিয়ালৰ পৰা ৭০ হেজাৰ টকাৰ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । ৰাইজৰ অভিযোগ সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এজন স্বদেশীয়ে জীৱনৰ বিয়লি বেলাত ডিটেনচন কেম্পতে আঁকোৱালি ল'বলগীয়া হ'ল মৃত্যুক ।