নগাঁও, 8 জুলাই :বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তপতজুৰি বামুণী পাহাৰৰ হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বুধবাৰে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনী পাহাৰৰ তপত জুৰিত 18 টা হাতীৰ মৃত্যু হোৱা ঘটনাৰ তদন্তক লৈ খৰ্গহস্ত মুখ্যমন্ত্ৰী ৷ 13 মে’ত বামুণী পাহাৰত মৃত্যু হৈছিল ১৮ টাকৈ বন্যহস্তীৰ । কিন্তু বন্যহস্তীকেইটাৰ মৃত্যুৰ তদন্ত আজিও হৈ সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰাৰম্ভিক তদন্ত তথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হ’ল যে, বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল হাতী কেইটাৰ ৷
হঠাৎ হাতীৰ মৃত্যুৰ ঘটনাক লৈ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে বন বিভাগৰ এক অনুষ্ঠানত বনমন্ত্ৰীগৰাকীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বন বিভাগৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত বনমন্ত্ৰীগৰাকীৰ কাম কাজক লৈ মুখ্যমন্ত্ৰীৰ অসন্তুষ্টি প্ৰকাশ পালে স্পষ্ট ৰূপত ।
পৰোক্ষভাৱে বনমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাকেই যেন উদঙাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেৱল ইমানেই নহয় হাতীৰ মৃত্যুৰ তদন্তৰ বাবে তিনিমাহৰ সময় নিৰ্ধাৰণ কৰি মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰে ৷ এইবাৰ হাতীৰ মৃত্যুৰ উচিত তদন্ত নহ’লে মুখ্যমন্ত্ৰীয়ে নিজেই কৰিব ঘটনাৰ তদন্ত ৷