কলিয়াবৰ, 24 ডিচেম্বৰ :ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিলোমিটাৰ পদযাত্ৰা পাঠশালাৰ যুৱক খনীন ৰয়ৰ ৷ পাঠশালাৰ 'ব্ৰেইন এণ্ড ফিগাৰ'ৰ সহযোগত খনীন ৰয়ে এই যাত্ৰা আৰম্ভ কৰে ৷ বিগত 7 ডিচেম্বৰত ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা এই যাত্ৰা আৰম্ভ কৰে ৰয়ে ৷ দৈনিক 9-10 ঘন্টাকৈ খোজ কাঢ়ি বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হয় ৰয়ে ৷
নৱ-প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা হতাশা আৰু নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়াসেৰে এই প্ৰচেষ্টা হাতত লয় পাঠশালাৰ শিক্ষিত যুৱক খনীন ৰয়ে ৷ এই পদযাত্ৰাৰ জৰিয়তে ৰয়ে মুঠ ৯০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য ৰাখিছে ৷ ইয়াৰ লগতে যাত্ৰা পথত নৱপ্ৰজন্মক হতাশাৰ বশৱৰ্তী নহৈ নিচাজাতীয় দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰি থাকি নিজকে শাৰিৰীক, মানসিকভাবে সুস্থ হৈ থাকিবলৈ সজাগ কৰে ।