নগাঁও, 12 নৱেম্বৰ : নগাঁৱত অনুষ্ঠিত হোৱা আলফা আলোচনাপন্থী গোটৰ সভাত কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজৰ শান্তি আলোচনা সম্পৰ্কত মন্তব্য কৰে আলফা আলোচনাপন্থী গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ৷ তেওঁৰ মতে, পৰেশ বৰুৱাৰ সংগঠন এটা সুকীয়া বিপ্লৱী সংগঠন । আলফা আলোচনাপন্থী গোটে শান্তিৰ পৰিৱেশ বিচাৰে বুলি মন্তব্য কৰে ৰাজখোৱাই ৷ গুৱাহাটী জু ৰোডৰ বিস্ফোৰণৰ আঠ অভিযুক্তৰ বিৰুদ্ধে এন আই এ চার্জশ্বীট দাখিল কৰা সন্দৰ্ভত ৰাজখোৱাই মন্তব্য কৰে যে, শান্তি ভংগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব ৷
এতিয়াও অন্তিম পৰ্যায় পোৱা নাই আলফা চৰকাৰৰ আলোচনাই - নগাঁৱত আলফা আলোচনাপন্থী গোটৰ সভা
নগাঁৱত আলফা আলোচনাপন্থী গোটৰ সদস্যসকলে এখন সভাৰ আয়োজন কৰে ৷ এই সভাতে কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী গোটৰ শান্তি আলোচনা সম্পৰ্কত মন্তব্য কৰে সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই ৷
আলফা আলোচনাপন্থী গোটৰ সম্পাদক অনুপ চেতিয়াই এই সভাত মন্তব্য কৰে যে, চৰকাৰ আৰু আলফাৰ মাজত হ'বলগীয়া আলোচনা প্ৰক্ৰিয়া বৰ্তমানেও অন্তিম পৰ্যায় পোৱা নাই ৷ দুমাহৰ ভিতৰত আলোচনা সম্পন্ন হোৱা বুলি মধ্যস্থতাকাৰীয়ে জনাইছিল যদিও আলোচনা প্ৰক্ৰিয়া এতিয়াও বহু বাকী আছে । খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে অনুপ চেতিয়াই ৷ তেওঁ লগতে কয় যে, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰতো শান্তি আলোচনা বহু পৰিমাণে নিৰ্ভৰ কৰিব ।
আৰু পঢ়ক :আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে